টুইটাৰ ট্ৰেণ্ডৰ শীৰ্ষত দিল্লীৰ নিৰ্বাচনৰ ফল সম্পৰ্কীয় একাধিক হেছটেগ

Arvind Kejriwal

দিল্লীৰ নিৰ্বাচনৰ ফল সম্পৰ্কীয় একাধিক হেছটেগ (টপিক) আজি টুইটাৰৰ ভাৰতীয় ট্ৰেণ্ডৰ শীৰ্ষত দেখা গৈছে।

ইয়াৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ নিৰ্বাচনী ফল গোটেই দেশবাসীয়ে উৎকণ্ঠাৰে লক্ষ্য কৰি আছে।

দেশৰ ৰাজনীতিৰ কে্ন্দ্ৰবিন্দুত কেজৰিৱালৰ আম আদমী পাৰ্টিয়ে পুনৰ শাসন কৰাটো নিশ্চিত প্ৰায় হৈ উঠাৰ লগে লগে টুইটাৰত এই সম্পৰ্কীয় আলোচনা-বিলোচনা বৃদ্ধি পায়।

#DelhiElectionResults, #DelhiResults, #मोदी_हारा_शाहीनबाग_जीता, #कमल_फट_गया_दिल्ली_में, #AAPKiDilli আদি হেছটেগ দিনটোৰ বেছিভাগ সময় শীৰ্ষত থাকে।

বহুতো টুইটাৰ য়ুজাৰে বিজেপি, মোদী আৰু অমিত শ্বাহক ইতিকিং কৰিও পোষ্ট দিয়া দেখা গৈছে।

আনহাতে বেছিভাগে আপৰ এই জয়ক গণতন্ত্ৰ আৰু ধৰ্মনিৰপেক্ষতাৰ জয় আখ্যা দিছে। আনকি আপৰ জয়ক ভাৰতৰ জয় বুলিও কোৱা দেখা গৈছে।

বহুতে এই সম্পৰ্কীয় ব্যংগাত্মক ছবি শ্বেয়াৰ কৰি থকা দেখা গৈছে।

৮ ফেব্ৰুৱাৰিত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ আজিৰ ভোটগণনাত এতিয়ালৈকে আপে ৬৩খন আসনত আগবাঢ়ি আছে। বিজেপি আগবাঢ়ি আছে ৭খনত।

দিল্লীৰ মুঠ আসনৰ সংখ্যা ৭০খন আৰু চৰকাৰ গঠনৰ বাবে কোনো এটা দলক নিম্নতম ৩৬খন আসনৰ প্ৰয়োজন।