খিতাপৰ যুঁজত হাৰ মানিল নাগালেণ্ড পুলিচ; বৰদলৈ ট্ৰফীৰ নতুন চেম্পিয়ন দিল্লী ফুটবল ক্লাৱ

বৰদলৈ ট্ৰফীৰ এইবাৰৰ বিজয়ী দিল্লী ফুটবল ক্লাৱ। ফটো: নৰ্থইষ্ট নাও।

ঐতিহ্যমণ্ডিত বৰদলৈ ট্ৰফীত যৱনিকা পৰিল এসময়ত দপদপনি তোলা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, অইল ইণ্ডিয়া তথা অসম পুলিচ ব্লুজৰ ৰাজত্ব। আজি সামৰণি পৰা ৬৮ সংখ্যক বৰদলৈ ট্ৰফীৰ চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰিলে দিল্লী ফুটবল ক্লাৱে।

উল্লেখ্য যে এইবাৰ প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছিল দিল্লী ফুটবল ক্লাৱ। বিদেশী খেলুৱৈৰে সমৃদ্ধ দলটোৱে নাগালেণ্ড পুলিচ দলক একমাত্ৰ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।

গ’লশূন্যভাৱে সমাপ্ত হোৱা প্ৰথমাৰ্দ্ধত দিল্লীয়ে নাগালেণ্ডৰ গ’লবক্সত নিৰন্তৰ আক্ৰমণ কৰে যদিও ডিফেঞ্চ ভেদ কৰি গ’ল স্ক’ৰ কৰাত বিফল হয়। অৱশ্যে দ্বিতীয়াৰ্দ্ধত দুয়োটা দলেই আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে।

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ’লৰক্ষক নাগালেণ্ড পুলিচ দলৰ গ’লৰক্ষক নেইথ’ভিলি চেলিঅ’। ফটো: নৰ্থইষ্ট নাও।

অৱশেষত  দিল্লীৰ জাপানী মিডফিল্ডাৰ কছুকে য়ামাজাকিয়ে সোঁফালৰ পৰা দ্ৰুত আক্ৰমণ কৰি ৭০ মিনিটত নাগালেণ্ডৰ গ’লবক্সত আঘাত হানে। ইয়াৰ কিছুসময় পাছতে দিল্লীৰ অধিনায়ক কৃষ্ণ পণ্ডিতক ৰঙা কাৰ্ড দেখুওৱাৰ পিছত ১০ জন খেলুৱৈৰেই খেলিবলগীয়া হয় দিল্লীয়ে। 

নাগালেণ্ড আৰক্ষীয়ে সমতা স্থাপনৰ কেইবাটাও সুযোগ পাইছিল যদিও দিল্লীৰ অভেদ্য ডিফেঞ্চ ভেদ কৰি সুযোগ কাৰ্যকৰী কৰাত ব্যৰ্থ হয়।

অৱশেষত ৰেফাৰীয়ে নিৰ্ধাৰিত সময়ৰ সংকেতধ্বনি দিয়াৰ লগে লগে দিল্লী এফ চিয়ে ৬৮ তম বৰদলৈ ট্ৰফীত চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে।

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ দিল্লী এফ চিৰ জাপানী মিডফিল্ডাৰ কছুকে য়ামাজাকি। ফটো: নৰ্থইষ্ট নাও।

দিল্লী এফ চিৰ জাপানী মিডফিল্ডাৰ কছুকে য়ামাজাকি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।

আনহাতে, নাগালেণ্ড পুলিচ দলৰ গ’লৰক্ষক নেইথ’ভিলি চেলিঅ’ই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ’লৰক্ষকৰ সন্মান লাভ কৰে।