২০ টা ক’ৰ’নাৰ হটস্পট ছীল কৰাৰ পিছত মাস্ক পৰিধান বাধ্যতামূলক কৰা হ’ল দিল্লীত

image

প্রতিনিধিত্বমূলক ফ'টো

ক’ৰ’না ভাইৰাছে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো নৰ সংহাৰীৰূপ ধাৰণ কৰিছে।

ক’ৰ’না সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে বৰ্তমানেও সমগ্ৰ দেশত ২১ দিনীয়া ল’কডাউন অব্যাহত আছে।

ক’ৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ বাবে দিল্লীৰ চৰকাৰে দিল্লীবাসীক মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে। এই কথা নিজৰ টুইটাৰ একান্টত টুইট কৰি মুখ্যমন্ত্ৰী অৰিবন্দ কেজৰিৱালে জনাইছে।

ইফালে জানিব পৰা মতে মাস্ক পৰিধান নকৰা লোকৰ প্ৰতি আৰক্ষী তথা চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। এই ক্ষেত্ৰত দিল্লী চৰকাৰ যথেষ্ট দৃঢ় আৰু কঠোৰ হ’ব বুলি জনাইছে।

আনহাতে ল’কডাউন অব্যাহত থকাৰ সময়তে ইতিমধ্যে দিল্লী চৰকাৰে দিল্লীত ক’ৰ’না ভাইৰাছৰ ২০ টা হটস্পট চিনাক্ত ছীল কৰিছে।

ইতিপূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই কথা ঘোষণা কৰিছিল।

ছীল কৰা হ’টস্পট কেইটা হ’ল –

১. গান্ধী পাৰ্কৰ সমীপৰ মালব্য নগৰ

২. সংগম নগৰৰ ৬ নং পথ

৩. দ্বাৰকাৰ শ্বাহাজানাবাদ চ’ছাইটিৰ প্লট নং ১, ছেক্টৰ নং ১১

৪. দিনপুৰ গাঁও

৫. মাৰ্কাজ মছজিদ আৰু নিজামুদ্দিন বস্তি

৬. পশ্চিম নিজামুদ্দিন(জি এণ্ড ডি ব্লক) অঞ্চল

৭. বি ব্লক ঝাঙ্গীৰ্পুৰী

৮. দকল্যাণপুৰীৰ ১৪ পথৰ ঘৰ নং ১৪১ৰ পৰা ১৮০ লৈকে

৯. মানছাৰা এপাৰ্টমেন্ট, বসুন্ধৰা এনক্লেভ

১০. খিচিপুৰীৰ সকলো পথ

১১. পাণ্ডে নগৰৰ পথ নং ৯

১২. ময়ুৰ বিহাৰৰ বৰ্ধমান এপাৰ্টমেন্ট ফ্ৰেছ ১

১৩. ময়ুৰধ্বজ এপাৰ্টমেন্টৰ আই পি এক্সটেনশ্যন, পতাপগঞ্জ

১৪. কৃষ্ণকুঞ্জ পথ ৪ নং পথৰ ঘৰ নং জে- ৩/১০৭ৰ পৰা ৩/১০৮ লৈ

১৫. কৃষ্ণকুঞ্জ(এক্সটেনশ্যন) পথ ৪ নং পথৰ ঘৰ নং জে- ৩/১০১ৰ পৰা ৩/১০৭ লৈ

১৬. পশ্চিম বিনোদ নগৰ পথ নং ৫ ৰ এ ব্লকৰ ঘৰ নং এ-১৭৬ৰ পৰা ১৮৯লৈ

১৭. জে এণ্ড কে, এল আৰু এইচ পকেট দিলশ্বাদ গাৰ্ডেন

১৮. পুৰণি সীমাপুৰী জি, এইচ ব্লক

১৯. দিলশ্বাদ কলনিৰ এফ-৭০ৰপৰা ৯০লৈ আৰু

২০. প্ৰতাপ খান্দ, ঝিলমিল কলনি।