কোভিডত মৃত্যু ঘটা লোকৰ পৰিয়ালে পাব ৫০ হাজাৰকৈ টকা,সন্তানে লাভ কৰিব মাহিলী ২,৫০০ টকাকৈ আৰু চাকৰিও, ক’ত?

tt

দেশত এতিয়াকোভিডে প্ৰতিদিনে শ শ লোকৰ প্ৰাণ কাঢ়ি নিছে। এনে সময়তেকোভিডত মৃত্যু ঘটা লোকৰ পৰিয়ালক ৪ লাখকৈ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ দাবী উঠিছে যদিও কেন্দ্ৰীয় চৰকাৰে সেই দাবী মানি ল’ব পৰা নাযাব বুলি কৈ দিছে।

এনে সময়তে দিল্লীৰ চৰকাৰে আজি এইবুলি ঘোষণা কৰিছে যে ৰাজ্য খনত কোভিডত মৃত্যু ঘটা প্ৰতিজন লোকৰ পৰিয়ালক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব।

কেৱল সেয়াই নহয়, কোভিডত মৃত্যু ঘটা লোকৰ যদি ২৫ বছৰৰ কম বয়সৰ কোনো সন্তান থাকে তেন্তে তেনে সন্তানেও মাহিলী ২,৫০০ টকাকৈ লাভ কৰিব। সন্তানৰ বয়স ২৫ বছৰ হোৱাৰ পিছত সেই মাহিলী সাহায্য বন্ধ কৰা হ’ব।

কোভিডত মৃত্যু হোৱা লোকৰ আয়ৰ কথাটো এই ক্ষেত্ৰত বিচাৰ্যৰ বিষয় নহ’ব। ধনী-দুখীয়া যিকোনো লোকেই এই সাহায্য পাব।

কোভিডত মৃত্যু হোৱা লোকৰ সন্তানক চৰকাৰী চাকৰিত মকৰল কৰা হ’ব বুলিও দিল্লীৰ চৰকাৰে কথা দিছে।

কোভিডত মৃত্যু ঘটা লোকৰ পৰিয়ালে চৰকাৰৰ পৰা সাহায্য লাভ কৰিবলৈ মৃতক তথা মৃতকৰ ওপৰত নিৰ্ভৰশীল হৈ থকাসকলৰ বাসস্থানৰ প্ৰমাণপত্ৰ,মৃত্যুৰ প্ৰমাণপত্ৰ,কোভিডত মৃত্যু হোৱা বুলি দিয়া প্ৰমাণপত্ৰ,মৃতকৰ সৈতে থকাসম্পৰ্কৰ প্ৰমাণপত্ৰ,বেংক একাউণ্টৰ সবিশেষ তথ্য,সন্তানৰ বয়সৰ প্ৰমাণপ্ত্ৰ আদি দিব লাগিব।

উল্লেখ্য কালান্তক কোভিডৰ সংহাৰ এতিয়াও অব্যাহত আছে দেশত ।

কোভিডে ইতিমধ্যে দেশত তিনি লাখৰো অধিক লোকৰ প্ৰাণ কাঢ়ি নিছে।

এনে সময়তে কোভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলোৱা লোকৰ পৰিয়ালক ৪ লাখ টকাকৈ সাহায্য আগবঢ়োৱাৰ বাবে দাবী উত্থাপন হৈছে।

কোভিডত মৃত্যু ঘটা লোকক সাহায্য প্ৰদান সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত কেন্দ্ৰই নিজৰ স্থিতি স্পষ্ট কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ন্যায়ালয়ৰ মজিয়াত এই কথা স্পষ্ট ভাবে জনাই দিয়া হৈছে যে কোভিডত মৃত্যু ঘটা লোকৰ পৰিয়ালক চৰকাৰে ৪ লাখ টকাৰ সাহায্য দিয়াটো কোনোপধ্যে সম্ভৱ নহয়।

যদি কোভিডত মৃত্যু ঘটা লোকৰ পৰিয়ালক সাহায্য দিয়া হয় তেন্তে আন ৰোগত মৃত্যু ঘটা লোকৰ পৰিয়ালকো সাহায্য প্ৰদানৰ দাবী উঠিব।সেয়ে কোভিডৰ বিষয়টো বেলেগ ভাবে বিবেচনা কৰাটো সম্ভৱ নহ’ব বুলি কেন্দ্ৰই ন্যায়ালয়ত প্ৰকাশ কৰিছে।

কেৱল মাত্ৰ প্ৰাকৃতিক দুৰ্যোগত মৃত্যু ঘটা লোকৰ পৰিয়ালকহে চৰকাৰে সাহায্য প্ৰদান কৰাৰ বিধান আছে বুলিও আদালতত চৰকাৰে প্ৰকাশ কৰিছে।

কিন্তু ইয়াৰ বিপৰীতে দিল্লীৰ কেজৰিৱাল চৰকাৰে কোভিডত মৃত্যু ঘটা লোকৰ পৰিয়ালক সাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰি সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে।