দিল্লীত হনুমান জয়ন্তীৰ শোভাযাত্ৰাত হিংসাত্মক ঘটনাত জৰিত ১৪ জন লোকক গ্ৰেপ্তাৰ

দিল্লীৰ জাহাংগীৰপুৰী অঞ্চলত হনুমান জয়ন্তীৰ শোভাযাত্ৰাৰ সংঘৰ্ষত লিপ্ত সম্পৰ্কীয় ১৪ জন লোকক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

দিল্লীৰ উপ-আৰক্ষী আয়ুক্ত ঊষা ৰংনানীয়ে কয় যে হিংসাত্মক ঘটনা সন্দৰ্ভত এতিয়ালৈকে ১৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

গ্ৰেপ্তাৰ কৰা লোকসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০৭ (হত্যাৰ চেষ্টা), ১২০ বি (অপৰাধমূলক ষড়যন্ত্ৰ), ১৪৭ (সংঘৰ্ষত লিপ্ত হোৱা) আৰু অন্যান্য প্ৰাসংগিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

তেওঁলোকৰ বিৰুদ্ধে অস্ত্ৰ আইনৰ ১৪৭, ১৪৮, ১৪৯, ১৮৬, ৩৫৩, ৩৩২, ৩২৩, ৪২৭, ৪৩৬, ৩০৭, ১২০বি ধাৰাও আৰোপ কৰা হৈছে বুলি জানিব পৰা গৈছে।

দিল্লীত সাম্প্ৰদায়িক হিংসাৰ পিছত মীৰাট, লক্ষ্ণৌ আৰু নয়ডাত নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰা হৈছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিল্লীৰ আৰক্ষী আয়ুক্ত ৰাকেশ আস্থানা আৰু বিশেষ আৰক্ষী আয়ুক্ত (আইন-শৃংখলা) ৰ সৈতে জাহাংগীৰপুৰীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত কথা পাতিছিল আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল।

উল্লেখ্য হনুমান জয়ন্তীৰ শোভাযাত্ৰাক কেন্দ্ৰ কৰি দেশৰ ৰাজধানী দিল্লী উত্তপ্ত হৈ পৰিছিল। শনিবাৰে দুটা গোষ্ঠীৰ মাজত ঘটনা সংঘৰ্ষ, শিলাবৰ্ষণৰ ফলত ছয়গৰাকী আৰক্ষীকে ধৰি ৯ জন লোক আহত হয়।দিল্লীৰ জাহাংগীৰপুৰী অঞ্চলত এই ঘটনাটো ঘটে। শনিবাৰে সেই অঞ্চলেৰে এটা শোভাযাত্ৰা উলিওৱা হৈছিল।

হঠাতে কেইজনমান দুস্কৃতিকাৰীয়ে শোভাযাত্ৰাৰ ওপৰত শিলগুটি দলিয়ায়।তাৰপিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। বাহনত অগ্নিসংযোগ কৰা হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়লৈকো খবৰ প্ৰেৰণ কৰা হয়। তাৎক্ষণিকভাৱে দিল্লী আৰক্ষীক ঘটনাস্থলীত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হয়। আৰক্ষী উপস্থিত হৈয়েই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

এই ঘটনাৰ সময়তে দিল্লী আৰক্ষীৰ উপ পৰিদৰ্শক মেধলাল মীনাৰ হাতত গুলী লাগে। কেনেকৈ এই গুলী লাগিল সেয়া অৱশ্যে জানিব পৰা হোৱা নাই। অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আৰু ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ চাই আন কেইবাজনকো আৰক্ষীয়ে চিনাক্ত কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে নিজাকৈ এটা গোচৰো ৰুজু কৰিছে।

ঘটনা সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়,’’মই সকলোকে শান্তি অটুট ৰখাৰ বাবে আহ্বান জনাইছো। শান্তি-সম্প্ৰীতি অবিহনে দেশ আগবাঢ়িব নোৱাৰে। দেশৰ ৰাজধানীৰ শান্তিৰক্ষাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ। তেওঁলোকে মানুহৰ ওচৰত শান্তি অটুট ৰক্ষাৰ বাবে আহ্বান জনোৱা উচিত।‘’