চিজেপিৰ আন্দোলনত আৰক্ষীৰ ভূমিকাৰ এছআইটি তদন্তৰ দাবী: কেন্দ্ৰ আৰু দিল্লী আৰক্ষীলৈ উচ্চ ন্যায়ালয়ৰ জাননী
বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ে ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত কক্ৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে প্ৰদৰ্শন কৰা কথিত বৰ্বৰতাৰ সৈতে জড়িত সকলো চিচিটিভি ফুটেজ, ভিডিঅ’গ্ৰাফী আৰু অন্যান্য প্ৰাসংগিক নথিপত্ৰ সংৰক্ষণ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰিছে। ঘটনাটোৰ সন্দৰ্ভত ন্যায়ালয়ৰ তত্ত্বাৱধানত এক বিশেষ তদন্তকাৰী দলৰ তদন্ত বিচাৰি দাখিল কৰা দুখন আৱেদনৰ ভিত্তিত ন্যায়ালয়ে এই নিৰ্দেশনা জাৰি কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী আৰক্ষীলৈ জাননী প্ৰেৰণ কৰিছে।
মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায় আৰু ন্যায়াধীশ তেজছ কাৰিয়াৰে গঠিত বিচাৰপীঠখনে দিল্লী আৰক্ষী বা কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এছঅ’পি অনুসৰি এই সমগ্ৰ তথ্য সংৰক্ষণ কৰিবলৈ নিৰ্দেশ দিছে। আৱেদনকাৰীয়ে আৰক্ষীৰ বিৰুদ্ধে অতিৰিক্ত বলপ্ৰয়োগৰ অভিযোগ তুলি জড়িত বিষয়াসকলৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন, তেওঁলোকৰ নিয়োজনৰ নথিপত্ৰ দাখিল আৰু অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। আদালতৰ নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি, এই বিষয়টোৰ পৰৱৰ্তী শুনানিৰ বাবে অহা ১১ ছেপ্টেম্বৰৰ দিনটো নিৰ্ধাৰণ কৰা হৈছে।
আৱেদনকাৰীৰ হৈ আদালতত হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা এন হৰিহৰণে যুক্তি দৰ্শাই যে যন্তৰ মন্তৰত প্ৰতিবাদ শান্তিপূৰ্ণভাৱে আৰম্ভ হৈছিল যদিও পৰৱৰ্তী সময়ত আৰক্ষীয়ে চৰম মাত্ৰাত বৰ্বৰতা প্ৰদৰ্শন কৰে। তেওঁ অভিযোগ কৰে যে বলপ্ৰয়োগৰ পূৰ্বে আৰক্ষীয়ে কোনো ধৰণৰ সতৰ্কবাণী বা হুইচেল বজোৱা নাছিল আৰু এই কাৰ্য অপ্ৰৰোচিত আছিল। জ্যেষ্ঠ অধিবক্তাগৰাকীৰ দাবী অনুসৰি, নিৰস্ত্ৰ প্ৰতিবাদকাৰীসকলক নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল, মহিলা প্ৰতিবাদকাৰীসকল নিৰ্যাতনৰ বলি হৈছিল আৰু নব্বৈগৰাকীতকৈও অধিক লোক আহত হৈছিল। তেওঁ ঘটনাটোৰ সমগ্ৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে চিনাক্ত কৰিব পৰা বিষয়াসকলৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিবলৈ আদালতক অনুৰোধ জনায়। একেদৰে জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে যুক্তি আগবঢ়ায় যে ২০ জুলাইত প্ৰতিবাদকাৰীৰ সংখ্যা বৃদ্ধি পালেও সমদলটো শান্তিপূৰ্ণ আছিল আৰু প্ৰতিবাদকাৰীয়ে হিংসাৰ আশ্ৰয় লোৱা বুলি কৰ্তৃপক্ষই নিজে কোনো অভিযোগ কৰা নাছিল। সাধাৰণ পোছাকত থকা কেইবাজনো লোকৰ সৈতে লগ হৈ আৰক্ষীয়ে বিনা প্ৰৰোচনাই প্ৰতিবাদকাৰীৰ ওপৰত আক্ৰমণ চলোৱা বুলি তেওঁ দাবী কৰে।
আন এগৰাকী জ্যেষ্ঠ অধিবক্তা গোপাল শংকৰনাৰায়ণনে আদালতত অৱগত কৰে যে আৰক্ষীৰ অভিযানত জড়িত কেইবাজনো ব্যক্তি আৰক্ষীৰ পোছাকত নাছিল। তেওঁ অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত (ডিচিপি) সন্দীপ লাম্বাৰ বিৰুদ্ধে কাষত থিয় হৈ থকা এগৰাকী মহিলাক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰি বিষয়াজনক মাতি আনি জবাবদিহি কৰিবলৈ আদালতক অনুৰোধ জনায়। প্ৰতিবাদস্থলীত উপস্থিত থকা মহিলা, মাতৃ আৰু পৰিয়ালৰ সদস্যসকলৰ ওপৰতো নিৰ্বিচাৰে কন্দুৱা গেছ, লাঠিচালনা আৰু শাৰীৰিক নিৰ্যাতন চলোৱা বুলি দাবী কৰি তেওঁ কয় যে অতিৰিক্ত বলপ্ৰয়োগৰ শতাধিক ভিডিঅ’ তেওঁ পৰীক্ষা কৰিছে। এনে আচৰণ যাতে ভৱিষ্যতে সাধাৰণ কথাত পৰিণত নহয়, সেয়া ৰোধ কৰিবলৈ ন্যায়িক হস্তক্ষেপৰ প্ৰয়োজনীয়তা তেওঁ দোহাৰে।
আনহাতে, এই আৱেদনসমূহৰ বিৰোধিতা কৰি দিল্লী আৰক্ষীয়ে আদালতত দাবী কৰে যে প্ৰতিবাদ শান্তিপূৰ্ণ হৈ থকা নাছিল আৰু ভিডিঅ’সমূহত আৰক্ষী জোৱানো আহত হোৱা দেখা গৈছে। কেন্দ্ৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু কৰ্তৃপক্ষৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল চেতন শৰ্মা তথা জ্যেষ্ঠ অধিবক্তা এছ ভি ৰাজুৱে আৱেদনসমূহৰ বিৰোধিতা কৰে। ৰাজুৱে যুক্তি দৰ্শাই যে ভিৰ নিয়ন্ত্ৰণহীন হৈ পৰিছিল আৰু তেওঁলোকে আৰক্ষীলৈ শিলাবৰ্ষণ কৰিছিল। তেওঁ দাবী কৰে যে আৱেদনসমূহ প্ৰকৃত তথ্য লুকুৱাই নিৰ্বাচিত সামাজিক মাধ্যমৰ ভিডিঅ’ৰ ওপৰত ভিত্তি কৰি কেৱল প্ৰচাৰ বিচৰাৰ উদ্দেশ্যেৰে দাখিল কৰা হৈছে। আহত লোকসকলে নিজে আদালতৰ কাষ চাপি নাই বুলি উল্লেখ কৰি তেওঁ ফৌদাৰী কাৰ্যবিধিৰ ১৫৬(৩) ধাৰাৰ অধীনত উপলব্ধ আইনী ব্যৱস্থাৰে দণ্ডাধীশৰ কাষ চাপিবলৈ পৰামৰ্শ দিয়ে আৰু জাননী জাৰি কৰাৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰে।
অৱশ্যে, দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত বিচাৰপীঠখনে নিৰীক্ষণ কৰে যে এইটো কোনো একক বা বিচ্ছিন্ন ব্যক্তিগত ঘটনা নহয়। ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে যদিহে এয়া কোনো বিচ্ছিন্ন ঘটনা হ’লহেঁতেন, তেন্তে ভুক্তভোগীসকলে দণ্ডাধীশৰ ওচৰত ব্যক্তিগত গোচৰ তৰিব পাৰিব বুলি আৰক্ষীয়ে আগবঢ়োৱা যুক্তি গ্ৰহণযোগ্য হ’লহেঁতেন। বৰ্তমান ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত আৰক্ষীৰ পৰৱৰ্তী পদক্ষেপ আৰু অহা ১১ ছেপ্টেম্বৰৰ শুনানিত বিষয়টোৱে কি মোড় লয়, সেয়া লক্ষণীয় হ’ব।