• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

সমগ্ৰ কাৰ্যসূচী বাতিল কৰি নিট কেলেংকাৰীৰ আলোচনাৰ দাবী কংগ্ৰেছৰ, ছাত্ৰৰ স্বাৰ্থত ৰাজপথলৈ ওলাবলৈ বাধ্য বুলি অখিলেশ যাদৱৰ মন্তব্য

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 22, 2026 3:35 pm
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা সমস্যাক লৈ বিৰোধী দলসমূহে সৃষ্টি কৰা তীব্ৰ হেঁচাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে বুধবাৰে লোকসভাত এই বিষয়টোৰ ওপৰত এক বিস্তৃত আলোচনা অনুষ্ঠিত কৰিবলৈ সন্মত হোৱা বুলি প্ৰকাশ কৰিছে। চৰকাৰী পক্ষই স্পষ্ট কৰি দিছে যে ৰাজপথৰ প্ৰতিবাদে কোনো ফলাফল কঢ়িয়াই নানিব, সেয়েহে এই স্পৰ্শকাতৰ বিষয়টো সংসদৰ মজিয়াতহে আলোচনা হোৱা উচিত।

 

Apply Now

বুধবাৰে দুপৰীয়া পূৰ্বৰ স্থগিতাদেশৰ পিছত লোকসভাৰ কাম-কাজ পুনৰ আৰম্ভ হোৱাৰ লগে লগে অধ্যক্ষ ওম বিৰলাই কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুক এক বিবৃতি প্ৰদান কৰিবলৈ আহ্বান জনায়। সেই সময়তে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কে চি বেণুগোপালে হস্তক্ষেপ কৰি কয় যে বিৰোধীয়ে কেৱল আলোচনাই নহয়, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগো দাবী কৰিছে। সমগ্ৰ দেশে ছাত্ৰ-ছাত্ৰীসকলৰ বেদনা অনুভৱ কৰিছে বুলি উল্লেখ কৰি তেওঁ সংসদৰ আন সকলো কাৰ্যসূচী স্থগিত ৰাখি এই জ্বলন্ত সমস্যাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ দাবী জনায়।

 

ইয়াৰ উত্তৰত সংসদীয় কাৰ্য মন্ত্ৰী ৰিজিজুৱে কয় যে চৰকাৰ নিটৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো আলোচনা কৰিবলৈ সাজু আছে। অৱশ্যে তেওঁ লগতে কয় যে অধ্যক্ষই প্ৰথমে সকলো দলৰ মজিয়াৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হৈ কোনটো নিয়মৰ অধীনত, কোন তাৰিখে আৰু কিমান সময়ৰ বাবে এই আলোচনা অনুষ্ঠিত হ’ব সেয়া নিৰ্ধাৰণ কৰিব লাগিব। পৰৱৰ্তী সময়ত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ জনসাধাৰণক অৱগত কৰাৰ স্বাৰ্থত এক বিস্তৃত আলোচনাৰ প্ৰয়োজনীয়তা দোহাৰে। যুৱপ্ৰজন্মৰ সৈতে জড়িত এনে স্পৰ্শকাতৰ বিষয় ৰাজপথত নহয়, সংসদতহে আলোচনা হোৱা উচিত বুলি তেওঁ বিৰোধীক সমালোচনা কৰে আৰু ৰাজপথৰ প্ৰতিবাদে কোনো ফল নিদিয়ে বুলি গুৰুত্ব আৰোপ কৰে।

 

লোকসভাত অধ্যক্ষ ওম বিৰলাই সকলো পক্ষৰ মত শুনাৰ পিছত মুকলি মনেৰে আলোচনাৰ বাবে চৰকাৰৰ সন্মতিৰ কথা উল্লেখ কৰে। তেওঁ বিৰোধী দলসমূহক সদনৰ মজিয়ালৈ দৌৰি গৈ কাম-কাজত বাধা দিয়াৰ পৰিৱৰ্তে এক বিতং বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। আনহাতে, সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে ক্ষোভ প্ৰকাশ কৰি কয় যে বিজেপি আৰু কংগ্ৰেছৰ সাংসদসকলক কথা কোৱাৰ সুযোগ দিয়া হৈছিল যদিও তেওঁক সেই সুবিধা প্ৰদান কৰা নহ’ল। ছাত্ৰ আৰু যুৱপ্ৰজন্মৰ স্বাৰ্থ বিঘ্নিত হ’লে বিৰোধীয়ে ৰাজপথলৈ ওলাই গৈ প্ৰতিবাদ কৰিবলৈ বাধ্য হ’ব বুলি তেওঁ মন্তব্য কৰে।

 

নিটৰ প্ৰশ্নকাকত ফাদিল আৰু যন্তৰ মন্তৰকে ধৰি বিভিন্ন স্থানত প্ৰতিবাদকাৰীৰ ওপৰত চলা আৰক্ষীৰ কঠোৰ ব্যৱস্থাৰ প্ৰতিবাদ স্বৰূপে বেছিভাগ কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীৰ সাংসদে সদনত ক’লা কাপোৰ পৰিধান কৰি উপস্থিত থাকে। ইয়াৰ মাজতে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সংসদ ভৱনত অধ্যক্ষ ওম বিৰলাক পৃথকে সাক্ষাৎ কৰে।

 

বৰ্তমান বিৰোধী দলসমূহে নিট পৰীক্ষাৰ বিসংগতি আৰু ইয়াক লৈ সৃষ্টি হোৱা বিতৰ্ক নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ অভিযোগত শিক্ষামন্ত্ৰী প্ৰধানৰ পদত্যাগ আৰু সংসদত বিতং আলোচনাৰ দাবীত অটল আছে। পৰৱৰ্তী সময়ত অধ্যক্ষৰ নেতৃত্বত দলীয় নেতাসকলৰ বৈঠকত এই আলোচনাৰ ৰূপৰেখা কেনেদৰে নিৰ্ধাৰণ কৰা হয়, সেয়া লক্ষণীয় হৈ পৰিছে।

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am
কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

August 14, 2026 9:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd