• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 22, 2026 2:46 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন দিল্লীৰ অতি নিৰাপত্তাবেষ্টিত ৭, লোককল্যাণ মাৰ্গৰ প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত এইবাৰ কেন্দ্ৰীয় মোদী চৰকাৰৰ  দম্ভ,  ফেচীবাদী চৰিত্ৰ আৰু স্বৈৰাচাৰী নীতিৰ এক ভয়ংকৰ আৰু কলংকিত অধ্যায় প্ৰত্যক্ষ কৰা গ’ল। দেশৰ লাখ লাখ ছাত্ৰ- ছাত্ৰীৰ প্ৰাপ্য ন্যায় আৰু শিক্ষা ব্যৱস্থাৰ অস্তিত্ব ৰক্ষাৰ দাবীত ৭, লোককল্যাণ মাৰ্গত ধৰ্ণাত বহা বিৰোধী দলপতি ৰাহুল গান্ধী,  প্ৰিয়ংকা গান্ধী ৱাড্ৰা, মল্লিকাৰ্জুন খাৰ্গে আৰু অখিলেশ যাদৱৰ দৰে শীৰ্ষ নেতাসকলক দিল্লী আৰক্ষীয়ে অতি নিষ্ঠুৰভাৱে  বলপূৰ্বক আটক কৰি বাছত তুলি লৈ যায়। বৰ্বৰতাৰ চৰম সীমা অতিক্ৰম কৰি দিল্লী আৰক্ষীয়ে ৰাহুল গান্ধীক ভৰিত ধৰি  চোঁচৰাই নিয়ে। ‘নীট’কে ধৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ভয়ংকৰ কেলেংকাৰী আৰু শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক আন্দোলন চলোৱা নিৰপৰাধ শিক্ষাৰ্থীৰ ওপৰত আৰক্ষী তথা সন্দেহজনক সংগঠনৰ গুণ্ডাবাহিনীয়ে  চলোৱা বৰ্বৰ লাঠিচালনাৰ বিৰুদ্ধে মাত মাতোঁতেই ফেচিষ্ট মোদী চৰকাৰে পুলিচীয় বলপ্ৰয়োগ কৰি নিজৰ চৰম কাপুৰুষালি  আৰু একনায়কত্ববাদী মানসিকতাহে প্ৰকাশ কৰিলে। নক’লেও হ’ব যে নিজৰ ব্যৰ্থতা আৰু শিক্ষা ব্যৱস্থাৰ জহি-খহি পৰা  অৱস্থা ঢাকিবলৈকে মোদী-শ্বাহৰ চৰকাৰে দমন নীতিৰ আশ্ৰয় লৈ বিৰোধীৰ কণ্ঠৰ লগতে দেশৰ যুৱপ্ৰজন্মৰ মাত স্তব্ধ  কৰিবলৈ উঠি পৰি লাগিছে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী জীতেন্দ্ৰ সিঙে দুবাৰকৈ প্ৰতিবাদস্থলীত উপস্থিত হৈ আলোচনাৰ নাটক কৰিলে যদিও চৰকাৰে পাঁচদফীয়া মূল দাবী— যেনে শিক্ষা মন্ত্ৰীৰ পদত্যাগ, সংসদত গৃহ মন্ত্ৰীৰ বিবৃতি আৰু হিংসাত্মক ঘটনাৰ তদন্ত প্ৰদানৰ বিষয়সমূহ মানি নলৈ প্ৰতিবাদকাৰীক আঁতৰাবলৈহে হেঁচা দিলে।

Apply Now

ছাত্ৰ সমাজৰ ওপৰত কৰা এই বৰ্বৰতাৰ উত্তৰ বিচাৰি ৰাহুল গান্ধীয়ে মোদী-শ্বাহৰ চৰকাৰক পোনপটীয়া প্ৰত্যাহ্বান জনাই কয় যে চৰকাৰে কোনো দায়িত্ব ল’ব বিচৰা নাই আৰু সংসদতো আলোচনা কৰিবলৈ দিয়া নাই। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী উত্থাপন কৰে। ক্ৰমাৎ জহি-খহি পৰা শিক্ষা ব্যৱস্থা আৰু দেশৰ যুৱপ্ৰজন্মৰ অন্ধকাৰ ভৱিষ্যতৰ দিশটোৰ প্ৰতি চকু মুদি মোদী চৰকাৰে কেৱল নিজৰ ক্ষমতা আৰু গাদী সুৰক্ষিত কৰাতহে ব্যস্ত হৈ পৰিছে।

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি সকীয়াই দিয়ে যে, ছাত্ৰ-ছাত্ৰীৰ ওপৰত আক্ৰমণ মানেই দেশৰ প্ৰতিটো পৰিয়ালৰ হৃদয়ে হৃদয়ে আক্ৰমণ কৰা। দেশৰ লাখে লাখে ছাত্ৰই যেতিয়া নিজৰ ভৱিষ্যতক লৈ ৰাজপথত হাহাকাৰ কৰিছে, তেতিয়া এই নিৰ্দয় চৰকাৰৰ মন্ত্ৰীসকল কেৱল নিজৰ ক্ষমতা আৰু গাদী ৰক্ষাত ব্যস্ত হৈ পৰিছে। নিজৰ চকীবোৰ সুৰক্ষিত কৰি ৰাখিবলৈ মোদী চৰকাৰে দেশৰ লাখ লাখ যুৱ-যুৱতীৰ ভৱিষ্যত অন্ধকাৰৰ ফালে ঠেলি দিছে। শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবীত সমগ্ৰ দেশে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো নিলৰ্জ্জ মোদী  চৰকাৰে দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীক সুৰক্ষা দি আছে। বিৰোধী নেতাসকলক জোৰ-জবৰদস্তি আটক কৰি থানাত বন্দী কৰি ৰাখিলেও ছাত্ৰ-ছাত্ৰীৰ ন্যায়ৰ এই যুঁজখনক মোদী চৰকাৰে কোনো কাৰণতে দমন কৰিব নোৱাৰে। আনপিনে, এই সমগ্ৰ ব্যৰ্থতাৰ দায় স্বীকাৰ কৰাৰ পৰিৱৰ্তে কেন্দ্ৰীয় মন্ত্ৰীসকলে আলোচনাৰ নামত ওলোটাই ৰাহুল গান্ধীয়ে কথা সলনি কৰা বুলি ভিত্তিহীন অভিযোগ তুলি চৰকাৰৰ দায়িত্বজ্ঞানহীন মুখখন আকৌ এবাৰ পোহৰলৈ আহিছে। এই ঘটনাৰ পিছতে এতিয়া সমগ্ৰ দেশজুৰি মোদী চৰকাৰৰ এনে দমনমূলক, গণতন্ত্ৰবিৰোধী কাৰ্যৰ বিৰুদ্ধে উমি উমি জ্বলি থকা প্ৰতিবাদৰ জুই এক প্ৰচণ্ড দাবানললৈ ৰূপান্তৰিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

October 26, 2026 9:21 pm
বিপন্ন হ’ব নেকি অনুসন্ধানমূলক সাংবাদিকতা? কেন্দ্ৰৰ তথ্য গোপনীয়তা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেশৰ ২১টা শীৰ্ষ সংবাদ গোষ্ঠী 

বিপন্ন হ’ব নেকি অনুসন্ধানমূলক সাংবাদিকতা? কেন্দ্ৰৰ তথ্য গোপনীয়তা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেশৰ ২১টা শীৰ্ষ সংবাদ গোষ্ঠী 

October 26, 2026 8:26 pm
৮০ বছৰীয়া বৃদ্ধ আৰু ৭০ৰ লোকশিল্পী মুখ্য চৰিত্ৰত! পুত্ৰৰ বাবে বাট চাই থকা এহাল দম্পতীৰ কাহিনীৰে আহি আছে ‘পায়াৰ’

৮০ বছৰীয়া বৃদ্ধ আৰু ৭০ৰ লোকশিল্পী মুখ্য চৰিত্ৰত! পুত্ৰৰ বাবে বাট চাই থকা এহাল দম্পতীৰ কাহিনীৰে আহি আছে ‘পায়াৰ’

October 26, 2026 6:19 pm
পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

October 26, 2026 5:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

October 26, 2026 9:21 pm
বিপন্ন হ’ব নেকি অনুসন্ধানমূলক সাংবাদিকতা? কেন্দ্ৰৰ তথ্য গোপনীয়তা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেশৰ ২১টা শীৰ্ষ সংবাদ গোষ্ঠী 

বিপন্ন হ’ব নেকি অনুসন্ধানমূলক সাংবাদিকতা? কেন্দ্ৰৰ তথ্য গোপনীয়তা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেশৰ ২১টা শীৰ্ষ সংবাদ গোষ্ঠী 

October 26, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd