NORTHEAST NOW (Assamese)

‘নিয়ন্ত্ৰণহীন ৰামদেৱ, নিজৰ ইচ্ছামতে চলে’, আদালতত পুনৰ ভৎৰ্সনা পতঞ্জলিৰ যোগগুৰুক

May 1, 2025 5:28 pm · এন ই নাও নিউজ, গুৱাহাটী

পতঞ্জলিৰ যোগগুৰু বাবা ৰামদেৱ পুনৰ আদালতত ভৎৰ্সনাৰ সন্মুখীন হৈছে। দেশৰ প্রতিষ্ঠিত কোম্পানী হামদর্দৰ ৰুহ আফজা চিৰাপ সন্দর্ভত ৰামদেৱৰ বিতর্কিত ‘চর্বত জেহাদ’ সন্দর্ভত পুনৰ আন এটা ভিডিঅ’ প্রকাশ কৰা হৈছে৷ ইয়াৰ পূৰ্বে আদালতে ৰামদেৱক ভিডিঅ’ প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল।

একেধৰণৰ ভিডিঅ’ পুনৰ প্ৰকাশ হোৱাৰ পিছতে বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে কয় যে ৰামদেৱক নিয়ন্ত্ৰণলৈ অনাটো কাৰো বাবে সম্ভৱ নহয়। তেওঁ নিজৰ জগততেই বাস কৰে। একে সময়তে পূৰ্বৰ নিৰ্দেশ উলংঘা কৰাৰ বাবে ৰামদেৱক আদালত অৱমাননাৰ জাননী জাৰি কৰা হৈছে।

ইয়াৰ উত্তৰত ৰামদেৱৰ অধিবক্তাই আদালতত কয় যে তেওঁলোকে ২৪ ঘন্টাৰ ভিতৰত সকলো প্লেটফৰ্মৰ পৰা বিতৰ্কিত ভিডিঅ’টো আঁতৰাই পেলাব।

উল্লেখ্য যে হামদর্দ নেশ্যনেল ফাউণ্ডেচনে (ইণ্ডিয়া) আদালতত ৰামদেৱ আৰু পতঞ্জলি ফুডছ লিমিটেডৰ বিৰুদ্ধে আৱেদন দাখিল কৰিছিল৷ পতঞ্জলিৰ গুলাব চৰ্বতৰ বিজ্ঞাপনত ৰামদেৱে আপত্তিজনক মন্তব্য কৰা বুলি কোম্পানীটোৱে অভিযোগ উত্থাপন কৰে।

পূর্বৰ দিনৰ শুনানিত বাবা ৰামদেৱৰ ‘চর্বত জেহাদ’ মন্তব্যৰ বাবে আদালতৰ পৰা তিৰস্কাৰৰ সন্মুখীন হ’বলগীয়া হৈছিল যোগগুৰু তথা পতঞ্জলিৰ প্রতিষ্ঠাপকগৰাকী৷

বাবা ৰামদেৱে মন্তব্য কৰিছিল যে ‘হামদর্দ’ কোম্পানীৰ শীতল পানীয় ‘ৰুহ আফজা’ চৰ্বত ‘চর্বত জেহাদ’ৰ অংশ৷ ইয়াৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ে বাবা ৰামদেৱক তীব্ৰ ধমক দিয়ে। আদালতে এনে মন্তব্য অনুচিত আৰু গ্ৰহণযোগ্য নহয় বুলি জনায়।

ৰামদেৱৰ অধিবক্তাই তেওঁৰ এই মন্তব্য থকা সকলো বিজ্ঞাপন আৰু ভিডিঅ’ পাঁচ দিনৰ ভিতৰত আঁতৰোৱা হ’ব বুলি আশ্বাস দিছে। অৱশ্যে সেই কথাত সন্তুষ্ট নহৈ দিল্লী উচ্চ ন্যায়ালয়ে কয় যে সমগ্ৰ বিষয়টোৰ ওপৰত শপতনামা দাখিল কৰিব লাগিব।

প্ৰসংগক্ৰমে চলিত মাহৰ আৰম্ভণিতে বাবা ৰামদেৱৰ মন্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। পতঞ্জলিয়ে গ্ৰীষ্মৰ আৰম্ভণিতে বজাৰত মুকলি কৰিছিল এবিধ গুলাব চিৰাপ। এই অনুষ্ঠানত ৰামদেৱে কয় যে দেশত এটা কোম্পানী আছে যিয়ে চৰ্বত বনায়। আপোনালোকেও সেই চৰ্বত ব্যৱহাৰ কৰে। কিন্তু, এই চৰ্বত বিক্ৰীৰ পৰা পোৱা ধন মাদ্ৰাছা আৰু মছজিদ নিৰ্মাণৰ বাবে যায়।

যদিও এই প্ৰসংগত ৰামদেৱে হামদৰ্দ কোম্পানীৰ ৰুহ আফজাৰ নাম উল্লেখ কৰা নাছিল। কিন্তু, তেওঁৰ মন্তব্যৰ লক্ষ্য যে সেইটোৱেই আছিল সেইটো বুজিবলৈ কাৰো কোনো অসুবিধা হোৱা নাছিল।

ভিডিঅ’টোত ৰামদেৱে কয় যে, “যদি আপুনি সেই চৰ্বত পান কৰে, তেন্তে দেশত মাদ্ৰাছা আৰু মছজিদ নিৰ্মাণ হ’ব। কিন্তু, যদি আপুনি এই পতঞ্জলিৰ চৰ্বত পান কৰে, তেতিয়া গুৰুকুল নিৰ্মাণ হ’ব। আচাৰ্য কুলমৰ বিকাশ হ’ব, পতঞ্জলি বিশ্ববিদ্যালয় আৰু ডাঙৰ হ’ব আৰু ভাৰতীয় শিক্ষা পৰিষদ বৃদ্ধি পাব।” ৰামদেৱৰ মন্তব্যক প্ৰত্যাহ্বান জনাই আদালতত গোচৰ তৰে হামদৰ্দ কোম্পানীয়ে।

বাবা ৰামদেৱৰ ‘চৰ্বত জেহাদ’ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই হামদৰ্দ কোম্পানীয়ে উচ্চ ন্যায়ালয়ত ন্যায় বিচাৰি আবেদন দাখিল কৰিছিল। আদালতে কয় যে এনেধৰণৰ বক্তব্যই আদালতৰ বিবেকক জোকাৰি গৈছে। আদালতে লক্ষ্য কৰে যে এনে বক্তব্যক কোনো কাৰণতে যুক্তিসংগত বুলি গণ্য কৰিব নোৱাৰি। হামদর্দ কোম্পানীৰ অধিবক্তা মুকুল ৰোহাটগীয়ে কয় যে ৰামদেৱৰ কথাবোৰ ঘৃণামূলক ভাষণৰ পৰ্যায়ত পৰে।

ৰোহটগীয়ে যুক্তি দিছিল যে ৰামদেৱৰ কথাই সমাজত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰি ধৰ্মৰ ভিত্তিত সমাজত বিভাজনৰ সৃষ্টি কৰিব পাৰে। তেওঁ লগতে কয় যে এই মন্তব্য কেৱল প্ৰতিযোগিতামূলক শত্ৰুতাৰ ফল নহয়। এনে নহয় যে এইটো ৰুহ আফজাৰ সুনাম কলংকিত কৰাৰ প্ৰয়াস। তাতোকৈ ডাঙৰ বিপদটো হ’ল এই মন্তব্যই সাম্প্ৰদায়িক বিভাজনৰ সৃষ্টি কৰিব পাৰে। আদালতে ৰামদেৱৰ অধিবক্তাক হাজিৰ হ’বলৈ কৈছিল। আদালতে তেওঁৰ পৰা জানিব বিচাৰে পতঞ্জলিৰ যোগগুৰুজনৰ বক্তব্য।

Related News