• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘নিয়ন্ত্ৰণহীন ৰামদেৱ, নিজৰ ইচ্ছামতে চলে’, আদালতত পুনৰ ভৎৰ্সনা পতঞ্জলিৰ যোগগুৰুক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 1, 2025 5:28 pm
148
VIEWS
Share on FacebookShare on Twitter

পতঞ্জলিৰ যোগগুৰু বাবা ৰামদেৱ পুনৰ আদালতত ভৎৰ্সনাৰ সন্মুখীন হৈছে। দেশৰ প্রতিষ্ঠিত কোম্পানী হামদর্দৰ ৰুহ আফজা চিৰাপ সন্দর্ভত ৰামদেৱৰ বিতর্কিত ‘চর্বত জেহাদ’ সন্দর্ভত পুনৰ আন এটা ভিডিঅ’ প্রকাশ কৰা হৈছে৷ ইয়াৰ পূৰ্বে আদালতে ৰামদেৱক ভিডিঅ’ প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল।

একেধৰণৰ ভিডিঅ’ পুনৰ প্ৰকাশ হোৱাৰ পিছতে বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে কয় যে ৰামদেৱক নিয়ন্ত্ৰণলৈ অনাটো কাৰো বাবে সম্ভৱ নহয়। তেওঁ নিজৰ জগততেই বাস কৰে। একে সময়তে পূৰ্বৰ নিৰ্দেশ উলংঘা কৰাৰ বাবে ৰামদেৱক আদালত অৱমাননাৰ জাননী জাৰি কৰা হৈছে।

ইয়াৰ উত্তৰত ৰামদেৱৰ অধিবক্তাই আদালতত কয় যে তেওঁলোকে ২৪ ঘন্টাৰ ভিতৰত সকলো প্লেটফৰ্মৰ পৰা বিতৰ্কিত ভিডিঅ’টো আঁতৰাই পেলাব।

উল্লেখ্য যে হামদর্দ নেশ্যনেল ফাউণ্ডেচনে (ইণ্ডিয়া) আদালতত ৰামদেৱ আৰু পতঞ্জলি ফুডছ লিমিটেডৰ বিৰুদ্ধে আৱেদন দাখিল কৰিছিল৷ পতঞ্জলিৰ গুলাব চৰ্বতৰ বিজ্ঞাপনত ৰামদেৱে আপত্তিজনক মন্তব্য কৰা বুলি কোম্পানীটোৱে অভিযোগ উত্থাপন কৰে।

পূর্বৰ দিনৰ শুনানিত বাবা ৰামদেৱৰ ‘চর্বত জেহাদ’ মন্তব্যৰ বাবে আদালতৰ পৰা তিৰস্কাৰৰ সন্মুখীন হ’বলগীয়া হৈছিল যোগগুৰু তথা পতঞ্জলিৰ প্রতিষ্ঠাপকগৰাকী৷

বাবা ৰামদেৱে মন্তব্য কৰিছিল যে ‘হামদর্দ’ কোম্পানীৰ শীতল পানীয় ‘ৰুহ আফজা’ চৰ্বত ‘চর্বত জেহাদ’ৰ অংশ৷ ইয়াৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ে বাবা ৰামদেৱক তীব্ৰ ধমক দিয়ে। আদালতে এনে মন্তব্য অনুচিত আৰু গ্ৰহণযোগ্য নহয় বুলি জনায়।

ৰামদেৱৰ অধিবক্তাই তেওঁৰ এই মন্তব্য থকা সকলো বিজ্ঞাপন আৰু ভিডিঅ’ পাঁচ দিনৰ ভিতৰত আঁতৰোৱা হ’ব বুলি আশ্বাস দিছে। অৱশ্যে সেই কথাত সন্তুষ্ট নহৈ দিল্লী উচ্চ ন্যায়ালয়ে কয় যে সমগ্ৰ বিষয়টোৰ ওপৰত শপতনামা দাখিল কৰিব লাগিব।

প্ৰসংগক্ৰমে চলিত মাহৰ আৰম্ভণিতে বাবা ৰামদেৱৰ মন্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। পতঞ্জলিয়ে গ্ৰীষ্মৰ আৰম্ভণিতে বজাৰত মুকলি কৰিছিল এবিধ গুলাব চিৰাপ। এই অনুষ্ঠানত ৰামদেৱে কয় যে দেশত এটা কোম্পানী আছে যিয়ে চৰ্বত বনায়। আপোনালোকেও সেই চৰ্বত ব্যৱহাৰ কৰে। কিন্তু, এই চৰ্বত বিক্ৰীৰ পৰা পোৱা ধন মাদ্ৰাছা আৰু মছজিদ নিৰ্মাণৰ বাবে যায়।

যদিও এই প্ৰসংগত ৰামদেৱে হামদৰ্দ কোম্পানীৰ ৰুহ আফজাৰ নাম উল্লেখ কৰা নাছিল। কিন্তু, তেওঁৰ মন্তব্যৰ লক্ষ্য যে সেইটোৱেই আছিল সেইটো বুজিবলৈ কাৰো কোনো অসুবিধা হোৱা নাছিল।

ভিডিঅ’টোত ৰামদেৱে কয় যে, “যদি আপুনি সেই চৰ্বত পান কৰে, তেন্তে দেশত মাদ্ৰাছা আৰু মছজিদ নিৰ্মাণ হ’ব। কিন্তু, যদি আপুনি এই পতঞ্জলিৰ চৰ্বত পান কৰে, তেতিয়া গুৰুকুল নিৰ্মাণ হ’ব। আচাৰ্য কুলমৰ বিকাশ হ’ব, পতঞ্জলি বিশ্ববিদ্যালয় আৰু ডাঙৰ হ’ব আৰু ভাৰতীয় শিক্ষা পৰিষদ বৃদ্ধি পাব।” ৰামদেৱৰ মন্তব্যক প্ৰত্যাহ্বান জনাই আদালতত গোচৰ তৰে হামদৰ্দ কোম্পানীয়ে।

বাবা ৰামদেৱৰ ‘চৰ্বত জেহাদ’ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই হামদৰ্দ কোম্পানীয়ে উচ্চ ন্যায়ালয়ত ন্যায় বিচাৰি আবেদন দাখিল কৰিছিল। আদালতে কয় যে এনেধৰণৰ বক্তব্যই আদালতৰ বিবেকক জোকাৰি গৈছে। আদালতে লক্ষ্য কৰে যে এনে বক্তব্যক কোনো কাৰণতে যুক্তিসংগত বুলি গণ্য কৰিব নোৱাৰি। হামদর্দ কোম্পানীৰ অধিবক্তা মুকুল ৰোহাটগীয়ে কয় যে ৰামদেৱৰ কথাবোৰ ঘৃণামূলক ভাষণৰ পৰ্যায়ত পৰে।

ৰোহটগীয়ে যুক্তি দিছিল যে ৰামদেৱৰ কথাই সমাজত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰি ধৰ্মৰ ভিত্তিত সমাজত বিভাজনৰ সৃষ্টি কৰিব পাৰে। তেওঁ লগতে কয় যে এই মন্তব্য কেৱল প্ৰতিযোগিতামূলক শত্ৰুতাৰ ফল নহয়। এনে নহয় যে এইটো ৰুহ আফজাৰ সুনাম কলংকিত কৰাৰ প্ৰয়াস। তাতোকৈ ডাঙৰ বিপদটো হ’ল এই মন্তব্যই সাম্প্ৰদায়িক বিভাজনৰ সৃষ্টি কৰিব পাৰে। আদালতে ৰামদেৱৰ অধিবক্তাক হাজিৰ হ’বলৈ কৈছিল। আদালতে তেওঁৰ পৰা জানিব বিচাৰে পতঞ্জলিৰ যোগগুৰুজনৰ বক্তব্য।

Recent News

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

যুদ্ধৰ ১৫৪২ দিনৰ পিছত প্ৰথম ৰুছ-ইউক্ৰেইনৰ শান্তি আলোচনা : তুৰ্কীত মুখামুখি বৈঠক দুই দেশৰ প্ৰতিনিধিৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু কৰ্ণেল ছ’ফিয়া কুৰেশ্বী কিয় বিজেপি মন্ত্ৰী- ‘ট্ৰল আৰ্মী’ৰ লক্ষ্য হৈছে?

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

বিশিষ্ট লেখকৰ অশিষ্ট আচৰণ! মহিলাক অকথ্য ভাষাৰে অপমান কৰি আৰক্ষীৰ আলহী হ’ল ইছমাইল হুছেইন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd