দেশৰ ক্ৰীড়াক্ষেত্ৰত আন এক ‘মি টু’ অভিযোগ: প্ৰশিক্ষকৰ বিৰুদ্ধে ধৰ্ষণ আৰু ব্লেকমেইলিঙৰ অভিযোগ কাবাডী খেলুৱৈৰ
দেশৰ একাংশ শীৰ্ষ মল্লযুঁজাৰুৱে ৰেষ্টলিং ফেডাৰেচন অৱ ইণ্ডিয়া (ডব্লিউ এফ আই)ৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ লগতে একাংশ প্ৰশিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰাৰ পাছত দেশৰ ক্ৰীড়াক্ষেত্ৰত জোৱাৰ উঠিছে খেলুৱৈসকলৰ ‘মি টু’ অভিযোগ।
এইবাৰ ‘মি টু’ৰ অভিযোগ তুলি আৰক্ষীৰ কাষ চাপিছে দিল্লীৰ এগৰাকী ২৭ বছৰীয়া কাবাডী খেলুৱৈ৷ খেলুৱৈগৰাকীয়ে প্ৰশিক্ষকৰ বিৰুদ্ধে ধৰ্ষণ, ধন দাবী আৰু ব্যক্তিগত ছবি ফাদিল কৰাৰ ভাবুকি দি ব্লেকমেইল কৰাৰ অভিযোগ উত্থাপন কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
খেলুৱৈগৰাকীয়ে প্ৰশিক্ষক যোগীন্দৰৰ বিৰুদ্ধে পশ্চিম দিল্লীৰ বাবা হৰিদাস নগৰ থানাত গোচৰ ৰুজু কৰিছে। তেওঁ এজাহাৰত উল্লেখ কৰা মতে, তেওঁ ২০১২ চনৰ পৰা পশ্চিম দিল্লীৰ মুণ্ডকাৰ সমীপৰ হিৰাংকুডনাত কাবাডী প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাইছিল।
২০১৫ চনত প্ৰশিক্ষক যোগীন্দৰে তেওঁৰ সন্মতি অবিহনে তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল। লগতে ২০১৮ চনত জয়ী হোৱা এখন প্ৰতিযোগিতাৰ পৰা উপাৰ্জন কৰা ধনৰাশিৰ ৪৩.৫ লাখ টকা প্ৰশিক্ষক যোগিন্দৰৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিবলৈ তেওঁক বাধ্য কৰোৱা হৈছিল বুলি অভিযোগ কৰে।
ইয়াৰ পিছত ২০২১ চনত কাবাডী খেলুৱৈগৰাকীয়ে বিবাহপাশত আবদ্ধ হয় যদিও অভিযুক্ত প্ৰশিক্ষক যোগিন্দৰে ব্যক্তিগত ফটো ফাদিল কৰাৰ ভাবুকি দি ব্লেকমেইলিং কৰি আছে বুলিও খেলুৱৈগৰাকীয়ে এজাহাৰত অভিযোগ কৰিছে।
এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে প্ৰশিক্ষকগৰাকীৰ বিৰুদ্ধে ধৰ্ষণ আৰু অপৰাধমূলক ভাবুকিৰ গোচৰ ৰুজু কৰিছে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিছে। দিল্লী আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু অভিযোগকাৰীৰ বক্তব্য আদালতত লিপিবদ্ধ কৰা হৈছে বুলি বিষয়াগৰাকীয়ে লগতে সদৰী কৰে।