• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিচনাত প্ৰস্ৰাৱ কৰাৰ বাবেই পক্ষাঘাতগ্ৰস্ত নিজ পিতৃক হত্যা পুত্ৰৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2023 8:13 pm
Man Kills Paralysed Father
132
VIEWS
Share on FacebookShare on Twitter

নিজ পিতৃক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এগৰাকী ২০ বছৰীয়া যুৱক। পক্ষাঘাতগ্ৰস্ত পিতৃয়ে বিচনাত প্ৰস্ৰাৱ কৰাৰ বাবেই যুৱকগৰাকীয়ে তেওঁক হত্যা কৰা বুলি জানিব পৰা গৈছে। এই ঘটনা সংঘটিত হৈছে দিল্লীৰ আনন্দ পৰ্বত এলেকাত। ধৃত যুৱকগৰাকীৰ নাম সুমিত শৰ্মা বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি, শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত জিতেন্দ্ৰ শৰ্মা ব্যক্তিগৰাকীৰ মৃত্যু সন্দৰ্ভত আৰক্ষীয়ে তথ্য লাভ কৰিছিল। খবৰ লাভ কৰাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু শৰ্মাৰ মৃতদেহ বিচনাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে বুলি এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে।

আৰক্ষীয়ে শৰ্মাৰ মৃতদেহ উদ্ধাৰ কৰি স্থানীয় আৰ এম এল হাস্পতাললৈ প্ৰেৰণ কৰে আৰু শনিবাৰে মৰণোত্তৰ পৰীক্ষা কৰা হয় বুলি বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে। মৰণোত্তৰ পৰীক্ষাত তেওঁক ডিঙি চেপি হত্যা কৰা বুলি জানিব পৰা যায়।

ইয়াৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু এগৰাকী চুবুৰীয়াৰ ভাষ্য লয়। ব্যক্তিগৰাকীয়ে ঘটনাৰ দিনা সন্ধিয়া ৬.৩০ বজালৈকে জিতেন্দ্ৰ শৰ্মা আৰু সুমিত শৰ্মাৰ সৈতে মদ্যপান কৰা বুলি নিজ ভাষ্যত স্বীকাৰ কৰে উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।

চুবুৰীয়া ব্যক্তিগৰাকীয়ে সুমিত শৰ্মাই নিজ পিতৃ জিতেন্দ্ৰ শৰ্মাক হত্যা কৰাৰ অভিযোগ কৰে। জেৰাৰ সময়ত সুমিত শৰ্মাই অপৰাধ স্বীকাৰ কৰে বুলি আৰক্ষীয়ে সদৰী কৰিছে। সুমিত শৰ্মাৰ মতে, তেওঁৰ পিতৃ পক্ষাঘাতগ্ৰস্ত হোৱাৰ বাবে তেওঁ অকলেই তেওঁৰ যত্ন ল’ব লগা হৈছিল।

তেওঁ লগতে উল্লেখ কৰা মতে তেওঁৰ পিতৃ অত্যন্ত মদ্যপায়ী আছিল আৰু ঘটনাৰ দিনা পুৱাৰে পৰা দুয়োগৰাকীয়ে সুৰা পান কৰিছিল। সন্ধিয়া শৰ্মাই বিচনাত প্ৰস্ৰাৱ কৰাৰ পিছত খঙৰ ভমকতে পুত্ৰ সুমিত শৰ্মাই তেওঁক ডিঙি চেপি হত্যা কৰা বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

Recent News

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd