• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ট্ৰাম্পৰ আগমনৰ দিনাই উত্তপ্ত ৰাজধানী, হিংসাৰ জুইয়ে চানি ধৰিছে উত্তৰ-পূৱ দিল্লী; আৰক্ষীৰ লাঠি চালনা আৰু কন্দুৱা গেছ প্ৰয়োগ

এজন হেড কনিষ্টবলৰ মৃত্যু, গুৰুতৰভাৱে আহত ডিচিপি অমিত শৰ্মা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2020 5:09 pm
maujpur-violence1

হিংসাত্মক হৈ পৰা দিল্লীৰ দৃশ্য, ফ'টো সৌজন্য- ইন্টাৰনেট

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আগমনৰ দিনাই উত্তপ্ত হৈছে ৰাজধানী দিল্লী। হিংসাৰ দাবানলে দিল্লীক কৰি তুলিছে উত্তেজনাপূৰ্ণ।

ৰাজধানী দিল্লীত কা বিৰোধী আন্দোলনত সংঘটিত হৈছে হিংসাত্মক ঘটনা। প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠী চালনা কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰিছে।

ইফালে প্ৰতিবাদকাৰীয়ে পুলিচৰ ওপৰত শিলগুটি নিক্ষেপ কৰিছে বুলি জানিব পৰা গৈছে।

পৰিস্থিতি ইমানে ভয়াৱহ হৈছে যে চাৰিওফালে উকণ্ঠাৰ লগতে উত্তেজনা বিয়পি পৰিছে।

জলন্ত জুইৰ ধোঁৱাই  ধুমায়িত কৰিছে আকাশ। ব্যক্তিগত বাহন আৰু ৰাজহুৱা সম্পত্তি জুই জাহ যোৱা পৰিলক্ষিত হৈছে।

এই হিংসাত্মক ঘটনাত কিমান লোক হতাহত হৈছে বাতৰি প্ৰস্তুত কৰি থকা পৰ্যন্ত জানিব পৰা হোৱা নাই। কিছু আহত লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। অৱশ্যে এই হিংসাত্মক প্ৰতিবাদত এজন হেড কনিষ্টবলৰ মৃত্যু হোৱাৰ লগতে ডিচিপি অমিত শৰ্মা গুৰুতৰ ভাৱে আহত হৈছে।

উল্লেখ্য যে উত্তৰ পূব দিল্লীৰ মৌজপুৰত আজি দুদিন ধৰি অবিৰতভাৱে কা বিৰোধী প্ৰতিবাদী কাৰ্যসূচী চলি আছিল।

আজি দ্বিতীয় দিনা হঠাতে প্ৰতিবাদস্থলী উত্তপ্ত হৈ উঠে। মৌজপুৰ নাতিদূৰৈৰ বাবৰ্পুৰ মেট্ৰ’ ৰেইল ষ্টেচনত ৰখাই থোৱা কিছুমান বাহনত কোনো দুষ্কৃতিকাৰীয়ে জুই লগাই দিয়ে আৰু তাৰ পৰাই পৰিস্থিতি হিংসাত্মক হৈ পৰে। প্ৰায় দুঘণ্টা ধৰি জুলি থকা জুইয়ে জাফ্ৰাবাদ আৰু মৌজপুৰলৈকে বিয়পি পৰে।

Watch: Man opens fire during clashes over CAA protests in North East Delhi's Maujpur-Babarpur area

Follow LIVE updates here: https://t.co/W1kuI6jnb3 pic.twitter.com/RNoMYuw4kC

— The Indian Express (@IndianExpress) February 24, 2020

দিল্লী মেট্ৰ’ ৰেইল ক’ৰ্পৰেশ্যনে লগে লগে জাফ্ৰাবাদ-মৌজপুৰ-বাবৰ্পুৰসহ পাঁচটাকৈ মেট্ৰ’ ষ্টেনৰ গেট বন্ধ কৰি দিছে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱালে এল জি অনিল বাজাজ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনাইছে।

Very distressing news regarding disturbance of peace and harmony in parts of Delhi coming in.
I sincerely urge Hon’ble LG n Hon'ble Union Home Minister to restore law and order n ensure that peace and harmony is maintained. Nobody should be allowed to orchestrate flagrations.

— Arvind Kejriwal (@ArvindKejriwal) February 24, 2020

 

যোৱা দেওবাৰে দিল্লী বিজেপিৰ নেতা কপিল মিশ্ৰই অবিৰত কা বিৰোধী প্ৰতিবাদ চলি থকা অঞ্চলৰ সমীপতে কা সমৰ্থনত এক সমাৱেশ উলিয়াইছিল।য’ত প্ৰায় ৫০০ মান মানুহে অংশগ্ৰহণ কৰিছিল। আৰু তাৰ পিছতে শনিবাৰে নিশালৈ জাফ্ৰাবাদ আৰু চন্দনবাঘ পথটো প্ৰতিবাদকাৰীয়ে বন্ধ কৰি ৰখা বুলি জানিব পৰা গৈছিল।

এতিয়াও অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰি আছে। বাতৰি প্ৰস্তুত কৰি থকা পৰলৈকে কা বিৰোধী প্ৰতিবাদৰ বাবে জাফ্ৰাবাদৰ পৰা বাবৰ্পুৰৰ ফালে আগবাঢ়ি যোৱা প্ৰত্যক্ষ কৰা হৈছে। আৰু ঘৰৰ পৰা উলায় আহি মানুহে প্ৰতিবাদী মিছিলত যোগ দিয়া দেখা গৈছে। প্ৰতিবাদকাৰীয়ে শিল নিক্ষেপ কৰাৰ বাবে গোটেই অঞ্চলটোতে হিংসা বিয়পি পৰা দেখা গৈছে।

আনহাতে আৰক্ষীয়ে লাঠি চালনা আৰু কন্দুৱা গেছ প্ৰয়োগ কৰি পৰিস্থিতিৰ বাবে চেষ্টা কৰিছে যদিও এই পৰ্যন্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই। বৰং ন ন অঞ্চললৈ এই হিংসা সম্প্ৰসাৰণ হোৱাৰহে খবৰ আহি আছে।

ইতিমধ্যে অঞ্চলজুৰি ১৪৪ ধাৰা বলৱৎ কৰিছে আৰক্ষীৰ প্ৰশাসনে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd