• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্ভীক আৰু স্বতন্ত্ৰ সাংবাদিকৰ ঘৰে ঘৰে অভিযান দিল্লী আৰক্ষীৰ, বাদ নপৰিল ৰাজনৈতিক ব্যংগকাৰ, সামাজিক কৰ্মীও

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2023 12:20 pm
173
VIEWS
Share on FacebookShare on Twitter

আজি পুৱাৰ ভাগত কেইবাজনো সাংবাদিক, ষ্টেণ্ড আপ কমেডিয়ান, ব্যংগকাৰ আৰু সামাজিক কৰ্মীৰ ঘৰত অভিযান চলাই দিল্লী আৰক্ষীয়ে UAPA ৰ সৈতে জড়িত এটা গোচৰত জেৰা আৰম্ভ কৰিছে।

জানিব পৰা মতে  এই অভিযান দিল্লী আৰক্ষীৰ ২২৪/২০২৩ নম্বৰৰ এখন এফআইআৰৰ সৈতে জড়িত। 

এই গোচৰটো ২০২৩ চনৰ ১৭ আগষ্টত দাখিল কৰা হৈছিল আৰু ইয়াত ইউএপিএৰ কেইবাটাও ধাৰা (১৩, ১৬, ১৭, ১৮, আৰু ২২) ৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ১৫৩(ক) আৰু ১২০ (খ) ধাৰা সংযোজন আছে।

এতিয়ালৈকে কোনেও আনুষ্ঠানিকভাৱে একো কোৱা হোৱা নাই যদিও সাংবাদিক অভিষাৰ শৰ্মা, জ্যেষ্ঠ সাংবাদিক ভাষা সিং, প্ৰবীণ সাংবাদিক উৰ্মিলেশ, নিউজক্লিকৰ সম্পাদক প্ৰবীৰ পুৰকায়স্থ , লেখিকা গীতা হৰিহৰন, বিখ্যাত সাংবাদিক আৰু ৰাজনৈতিক বিষয়ৰ মন্তব্যকাৰী আউনিন্দ্যো চক্ৰৱৰ্তী, ইতিহাসবিদ সোহেইল হাছমী, ব্যংগকাৰ আৰু ষ্টেণ্ড আপ কমিক সঞ্জয় ৰাজৌৰাক আজি পুৱাই দিল্লী আৰক্ষীয়ে জেৰা কৰে। 

জানিব পৰা মতে সমাজ কৰ্মী তীস্তা ছেতালবাদ আৰু প্ৰবীণ সাংবাদিক পৰঞ্জয় গুহা ঠাকুৰতাৰ ঘৰতো অভিযান চলাইছিল আৰক্ষীয়ে। জানিব পৰা মতে, মুম্বাইত বাস কৰা ছেতালভাদক দিল্লী আৰক্ষী বিষয়াই জেৰা কৰি আছে।

ইয়াৰ উপৰিও আৰক্ষীয়ে নিউজক্লিকৰ কৰ্মচাৰীসকলৰ ঘৰত সোমাই তেওঁলোকৰ ইলেক্ট্ৰনিক ডিভাইচসমূহ জব্দ কৰিছে।  

সূত্ৰসমূহে জনোৱা মতে, দিল্লী বিজ্ঞান মঞ্চৰ সৈতে জড়িত বিজ্ঞানী তথা লেখক ডি ৰঘুনন্দনকো আৰক্ষীয়ে আটক কৰিছে।  

সূত্ৰই জনোৱা মতে, সঞ্জয় ৰাজৌৰাক আৰক্ষীয়ে লোধি পথৰ বিশেষ কোষলৈ লৈ গৈছে। আৰক্ষীয়ে তেওঁক সোধা-পোছাৰ বাবে লৈ গৈছিল যদিও গ্ৰেপ্তাৰ কৰা নাই বুলি জানিবলৈ দিছে। 

আৰক্ষীয়ে তাৎক্ষণিকভাৱে ৰাজৌৰাক গ্ৰেপ্তাৰ কৰা নাই বৰঞ্চ কেৱল জেৰাহে কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে।

ইপিনে ভাৰতীয় প্ৰেছ ক্লাবে এই অভিযানক লৈ উদ্বেগ পঞ্জীয়ন কৰি বিতং বিবৃতি প্ৰকাশ কৰাৰ কথা উল্লেখ কৰিছে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd