জে এন য়ুত হিংসা: দিল্লী আৰক্ষীৰ সন্মুখতে দুৰ্বৃত্তই ভাঙিছিল এম্বুলেন্স, দিছিল ‘পুলিচ জিন্দাবাদ’ ধ্বনি

wsj9jfL_

দেওবাৰে তেতিয়া নিশা ৮ বাজিবলৈ কিছু বাকী থাকোতে দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গেইটৰ সন্মুখত আহি উপস্থিতি হৈছিল আৰক্ষী।

ইয়াৰ পূৰ্বে প্ৰায় তিনিঘন্টা ধৰি মুখা পিন্ধা দুৰ্বৃত্তৰ দলে চৌহদত হিংসাত্মক তাণ্ডৱ চলাইছিল।

প্ৰায় ডজন সংখ্যক লোকে মাফলাৰেৰে মুখ ঢাকি “দেশ কে গড্ডাৰো কো, গুলী মাৰো চালো কো’’, ‘’নক্সালবাদ মুৰ্দাবাদ’’ আৰু ‘’ না মাওবাদ,না নক্সালবাদ, চবছে ওপাৰ ৰাষ্ট্ৰবাদ’’ শ্ল’গান দি অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰে।

বাতৰি অনুসৰি, মুখা পিন্ধা দুৰ্বৃত্তসকলে টায়াৰ পাংচাৰ কৰি তথা খিৰিকি ভাঙি এম্বুলেন্সকো চৌহদৰ ভিতৰত প্ৰৱেশ কৰাত বাধা দিয়ে।

আশ্চৰ্যজনকভাৱে এক আৰক্ষী বেৰিকেডৰ কাষতে তথা শান্তি ৰক্ষাৰ বাবে থকা আৰক্ষীৰ গাড়ীৰ সন্মুখতে একাংশই “পুলিচ জিন্দাবাদ’ ধ্বনিও দিয়ে।

লোকসকলে সাংবাদিককো ওচৰলৈ নাহিবলৈ আৰু ফটো নুতুলিবলৈ ধমক দিয়ে।

দুৰ্বৃত্তসকলে স্বৰাজ ইণ্ডিয়াৰ মুৰব্বী যোগেন্দ্ৰ যাদবকো দুৰ্ব্যৱহাৰ কৰে।

চৰকাৰী মদতপুষ্ট দুৰ্বৃত্তসকলৰ এই সকলো কাৰ্যকলাপ নিৰৱ দৰ্শক হৈ চাই ৰয় তাত উপস্থিত থকা প্ৰায় আঢ়ৈশতকৈয়ো অধিক আৰক্ষীৰ লোকে।

জে এন য়ুত এইদৰে তাণ্ডৱ চলোৱা দুৰ্বৃত্তৰ দলটো অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এ বি ভি পি)ৰ বুলি ইতিমধ্যে পোহৰলৈ আহিছে। তেওঁলোকে হাতে হাতে ৰড, লাঠী লৈ আহিছিল।

কালি সংঘটিত হোৱা জে এন য়ুৰ ঘটনাই ইতিমধ্যে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দেশৰ বিভিন্ন বিশ্ববিদ্যালয় আজি এই ঘটনাৰ প্ৰতিবাদ কৰিছে ছাত্ৰ সমাজে।