পঞ্জাৱৰ পিছত এইবাৰ লক্ষ্য গুজৰাট: আহমেদাবাদত বিশাল ৰেলীৰে নিৰ্বাচনী ৰণহুংকাৰ আপৰ

AAP roadshow in Ahmedabad

বিগত পঞ্জাৱ বিধানসভা নিৰ্বাচনত অভূতপূৰ্ব বিজয়ৰ পাছত এইবাৰ গুজৰাটৰ ক্ষমতা দখলৰ মন মেলিছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ- এ।

সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি আহমেদাবাদত এক বিশাল ৰোড শ্ব’ত ভাগ লয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে।

এই ৰোড শ্ব’ত ভাগ লৈ আম আদমী পাৰ্টি(আপ)- ৰ দুই শীৰ্ষ নেতা গুজৰাটৰ জনসাধাৰণক এইবাৰ আপ দলক এটা সুযোগ দিবলৈ আহ্বান জনায়।

আহমেদাবাদত সমবেত লোকসকলক সম্বোধন কৰি আপ নেতা ভগৱন্ত মানে কয়, “দিল্লী আৰু পঞ্জাৱত সমাধান কৰা হৈছে, এতিয়া আমি গুজৰাটৰ বাবে প্ৰস্তুতি চলাই আছো।”

উল্লেখ্য যে এই বছৰৰ শেষৰ ফালে গুজৰাট বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। শেহতীয়াকৈ পঞ্জাৱত চমকপ্ৰদ বিজয় সাব্যস্ত কৰা আপ- এ এতিয়া বিজেপি শাসিত ৰাজ্যখনৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিছে।

ৰোড শ্ব’ত ভাগ লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দাবী কৰে যে আম আদমী পাৰ্টীয়ে দিল্লী আৰু পঞ্জাৱত দুৰ্নীতি সমাপ্ত কৰিছে। কেজৰিৱালে কয়, “আমি দিল্লীত দুৰ্নীতি সমাপ্ত কৰিছো। ভগৱন্ত মানে ১০ দিনৰ ভিতৰত পঞ্জাৱত দুৰ্নীতি বন্ধ কৰিছে। যদি আপোনালোকে মোক বিশ্বাস নকৰে, পঞ্জাৱত থকা আপোনালোকৰ কোনো বন্ধুক সোধক।”

বলিউদৰ ‘গব্বৰ’ নামৰ চিনেমাখনৰ এটা বিখ্যাত উক্তিৰ আৰ্হিত কেজৰিৱালে কয়, “যদি কোনোবাই দিল্লী আৰু পঞ্জাৱত উৎকোচ বিচাৰে, তেওঁলোকে কয় কেজৰিৱাল ঔৰ ভগৱন্ত মান আ জায়েগা (কেজৰিৱাল বা ভগৱন্ত মান আহিব)।”

“আমি ৰাজনীতি কেনেদৰে খেলিব লাগে নাজানো, আমি দেশ ভক্তিহে জানো।”- কেজৰিৱালে লগতে কয়।

গুজৰাটৰ বাবে আপৰ লক্ষ্য সন্দৰ্ভত কেজৰিৱালে কয়, “আমি কংগ্ৰেছ আৰু বিজেপিক পৰাস্ত কৰিবলৈ ইয়ালৈ অহা নাই। আমি ইয়াত গুজৰাটী সকলৰ জয়ৰ বাবে আহিছো। আমি ইয়াত দুৰ্নীতি সমাপ্ত কৰিব বিচাৰো।”

আন এগৰাকী আপ নেতা তথা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কয়, “মই জানিব পাৰিছো যে ইয়াত প্ৰতি তিনি মাহত প্ৰশ্ন কাকত লিক হয়। আমি এই প্ৰক্ৰিয়া বন্ধ কৰিব লাগিব। তেওঁলোকে ইয়াত শিক্ষা বিক্ৰী কৰি আছে। দেশখন কেনেকৈ আগবাঢ়িব?”

আনহাতে শাসকীয় ভাৰতীয় জনতা পাৰ্টিক ব্যঙ্গ কৰি মানে কয়, “কমল লেতেৰা বোকাৰ পৰা আহিছে, আমি ইয়াক আমাৰ ঝাডুৰে পৰিষ্কাৰ কৰিম।”