NORTHEAST NOW (Assamese)

কোভিড আতংক!: পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান; ক’ত?

April 9, 2021 7:16 pm · এন ই নাও নিউজ
Updated: April 10, 2021 3:54 pm

কোভিডৰ বৰ্ধিত সংক্ৰমণৰ বাবে সকলো বিদ্যালয় আৰু মহাবিদ্যালয়ৰ বন্ধ থাকিব বুলি শুকুৰবাৰে ঘোষণা কৰিছে দেশৰ ৰাজধানী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

দেশৰ কেবাখনো ৰাজ্যৰ লগতে দিল্লীতো পুনৰ কোবিড সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে দিল্লী চৰকাৰে দিল্লীত কোভিড প্ৰতিৰোধৰ বাবে নৈশ সান্ধ্য আইনো জাৰি কৰিছে।

ইয়াৰ পিছতো দিল্লীত যোৱা বৃহস্পতিবাৰৰ দিনটোত কোভিড সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে। মাত্ৰ কালিৰ দিনটোতে দিল্লীত ৭,০০০ৰো অধিক লোক কোভিডত আক্ৰান্ত হৈছে। চলিত বছৰত এয়া হৈছে দিল্লীত এটা দিনত কোভিড সংক্ৰমণৰ সৰ্বাধিক সংখ্যা।

ইয়াৰ পিছতে দিল্লীত শিক্ষানুষ্ঠানসমূহ পুনৰ বন্ধ কৰা হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।

উল্লেখ্য যে বোৰ্ড পৰীক্ষাৰ বাবে দিল্লীত কেৱল নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিদ্যালয়সমূহত পাঠদান চলি আছিল।

ইফালে দেশৰ হাজাৰ হাজাৰ বিদ্যালয় পৰিচালনা কৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদে কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ পিছতো শিক্ষানুষ্ঠানসমূহ বন্ধ নকৰাৰ বাবে বিভিন্ন পক্ষৰ লগতে বিৰোধীৰ সমালোচনাৰ সন্মুখীন হৈছে।

মাধ্যমিক শিক্ষা সংসদে কোনো নিৰ্দেশনা জাৰি নকৰিলেও দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পৰৱৰ্তী নিৰ্জেশনা জাৰি নকৰা পৰ্যন্ত দিল্লীৰ সকলো শিক্ষানুষ্ঠান বন্ধ থাকিব বুলি আজি ঘোষণা কৰিছে।

Related News