দিল্লী ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠান(ডি এছ চি আই)ৰ দুগৰাকী চিকিৎসক আৰু ষোল্ল গৰাকী নাৰ্ছ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত দিল্লী চৰকাৰে চিকিৎসালয়খন বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ডি এছ চি আই কৰ্তৃপক্ষই অন্যহাতে চিকিৎসালয়খনৰ ১৯ গৰাকী ৰোগীক অন্য চিকিৎসালয়লৈ পঠিওৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।
চিকিৎসালয়খন সাময়িকভাৱে সতৰ্কতামূল ব্যৱস্থা গ্ৰহণৰ বাবে বন্ধ কৰি ৰখা হৈছে আৰু সমগ্ৰ চিকিৎসালয়খন চেনিটাইজ কৰা হৈছে বুলি ডি এছ চি আইৰ চিকিৎসা পৰিদৰ্শক বি এল চেৰৱালে জনায়।
‘‘আমি আমাৰ চিকিৎসালয়খনত চিকিৎসা গ্ৰহণ কৰি থকা ১৯ গৰাকী কেঞ্চাৰ ৰোগীক অন্য ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ বাবে যোগাযোগ অব্যাহত ৰাখিছো। ধৰমশিলা চুপাৰস্পেচিয়েলিটি হস্পাতালৰ কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ ৰক্ষা কৰি থকা হৈছে” চেৰৱালে লগতে কয়।
আনহাতে, অন্য চিকিৎসালয়লৈ ৰোগী সকলক নিয়াৰ পূৰ্বে কেঞ্চাৰ ৰোগী সকলৰ কোভিদ-১৯-ৰ পৰীক্ষা সম্পন্ন কৰা হ’ব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে।
কেঞ্চাৰ ৰোগী সকল কোভিদ-১৯-ৰ পৰীক্ষাত ফলাফল নিগেটিভ আহিলেহে অন্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ’ব বুলি চেৰৱালে লগতে উল্লেখ কৰে।