আইপিএলৰ দ্বিতীয়খন উত্তেজনাপূৰ্ণ মেচত পঞ্জাৱৰ বিৰুদ্ধে ছুপাৰ অ’ভাৰত বিজয়ী দিল্লী

dc-1

ফটো সৌজন্য: আইপিএল

আইপিএল-২০২০ৰ দ্বিতীয়খন উত্তেজনাপূৰ্ণ মেচত দেওবাৰে দিল্লী কেপিটেলছে ছুপাৰ অ’ভাৰত কিংছ ইলেভেন পঞ্জাৱক পৰাজিত কৰে।

কিংছ এলেভেন পঞ্জাৱৰ বিৰুদ্ধে প্ৰায় হাৰি যোৱা এখন মেচ অৱশেষত নিজৰ হাতলৈ আনিবলৈ সক্ষম হয় দিল্লী কেপিটেলছে।

মেচখনৰ ভাগ্য নিৰ্দ্ধাৰণ কৰা সম্ভৱ হৈ পৰা নাছিল আৰু এসময়ত পঞ্জাৱ প্ৰায় জয়ৰ দুৱাৰদলিত উপস্থিত হৈছিল।

মায়ংক আগৰৱালে প্ৰায় এককভাৱেই দিল্লীৰ হাতৰ পৰা মেচখন আজুৰি নিয়াৰ উপক্ৰম কৰিছিল।

কিন্তু দিল্লীৰ পক্ষে বেটে বলে উজলি উঠিল মাৰ্কাছ ষ্টাইনিছ। ষ্টাইনিছৰ শেষ অ’ভাৰ বলিঙত দেখুওৱা যাদুৰ ফলতেই দিল্লীৰ বাবে মেচখনৰ ভাগ্য সলনি কৰি দিলে।

ছুপাৰ অ’ভাৰত কাগিছো ৰাবাডাই একেৰাহে দুটা উইকেট লৈ দিল্লীৰ বিজয়ৰ পথ মুকলি কৰে।

শ্ৰেয়া, আয়াৰৰ সৈতে বেট কৰিবলৈ আহি ঋষভ পন্টে আইপিএলৰ প্ৰথমখন মেচত দলৰ বিজয় নিশ্চিত কৰে।

প্ৰথমে বেটিং কৰি দিল্লীয়ে এসময়ত ১৭ অ’ভাৰত ৬উইকেটৰ বিনিময়ত ১০০ ৰাম সংগ্ৰহ কৰিছিল। তাৰ পাছতে ষ্টাইনিছৰ ২১ বলত ৫৩ৰাণৰ আক্ৰমণাত্মক বেটিঙৰ ফলত দিল্লী কেপিটেলছে নিৰ্দ্ধাৰিত ২০ অ’ভাৰত ৮উইকেটৰ বিনিময়ত ১৫৭ ৰাণ কৰে। পঞ্জাৱৰ হৈ ছামিয়ে ১৫ৰাণ দি তিনিটা উইকেট লয়।

প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি পঞ্জাৱে আৰম্ভণিৰ পৰাই নিয়মিত বিৰতিত উইকেট হেৰুৱাই থাকে। মায়ংক আগৰৱালে অকলেই ৮৯ ৰাণ কৰি কিংছ ইলেভেন পঞ্জাৱক প্ৰায় জয়ৰ দুৱাৰদলিত উপনীত কৰাইছিল।

পঞ্জাৱক অন্তিম ৩ টা বলত বিজয়ৰ বাবে ১ৰাণৰ প্ৰয়োজন হয়। ষ্টাইনিছৰ এটা বল ডট হোৱাৰ পাছত পাছৰ দুটা বলত ক্ৰমে মায়ংক আৰু জৰ্ডন আউট হয়।

মেচখন টাই হোৱাৰ ফলত ফলাফলৰ বাবে ছুপাৰ অ’ভাৰ খেলোৱা হয়। পঞ্জাৱৰ হৈ বেট কৰিবলৈ নামে লোকেশ ৰাহুল আৰু নিকোলাছ পুৰান।

ৰাবাডাৰ দ্বিতীয়টো বলত লোকেশ আউট হোৱাৰ পাছত ক্ৰিজলৈ আহে মেক্সৱেল। আশ্চৰ্যজনকভাৱে ছেট বেটছমেন মায়ংকক ছুপাৰ অ’ভাৰত বেটিং কৰিবলৈ নপঠালে কিংছ ইলেভেনে। তৃতীয়টো বলত পুৰান ব’ল্ড হয়।

ছুপাৰ অ’ভাৰত বিজয়ৰ বাবে ৩ ৰাণৰ লক্ষ্য মাত্ৰ ২টা বলতেই পূৰণ কৰি দিল্লী বিজয়ী হয়। স্বাভাৱিকভাৱেই মেন অফ দ্য মেচ সন্মান লাভ কৰে ষ্টাইনিছে।

ইপিনে মহম্মদ ছামিৰ দুৰ্দান্ত প্ৰদৰ্শন অথলে যোৱাৰ লগতে ট্ৰেজিক হিৰোত পৰিণত হৈ পৰে মায়ংক আগৰৱাল।