NORTHEAST NOW (Assamese)

ধৰ্ষণৰ গোচৰত প্ৰাক্তন বিজেপি বিধায়ক কুলদীপক যাৱজ্জীৱন কাৰাদণ্ড; ২৫ লাখ টকাৰ জৰিমনা

December 20, 2019 3:48 pm · এন ই নাও নিউজ
উন্নাওৰ ধৰ্ষণৰ গোচৰত দোষী সাৱ্যস্ত হৈ যাৱজ্জীৱন কাৰাদণ্ডৰ সন্মুখীন হোৱা প্ৰাক্তন বিজেপি বিধায়ক কুলদীপ সেনেগাৰ।

উন্নাও ধৰ্ষণৰ গোচৰত দোষী সাৱ্যস্ত বহিস্কৃত বিজেপি বিধায়ক কুলদীপ সেনেগাৰক আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহিলে।

শুকুৰবাৰে দিল্লীৰ তিচ হাজাৰি আদালতৰ বিশেষ চিবিআইৰ বিচাৰপীঠত ন্যায়াধীশ ধৰ্মেশ শৰ্মাই কুলদীপৰ শাস্তি ঘোষণা কৰে।

যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে কুলদীপক ২৫ লাখ টকাৰ জৰিমনাৰ নিৰ্দেশো দিয়া হয়।

যোৱা মঙলবাৰে আদালতত চিবিআইৰ অধিবক্তাই ন্যায়াধীশৰ ওচৰত সেনেগাৰক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে আবেদন জনাইছিল। দোষীক নিম্নতম শাস্তি প্ৰদান কৰিলে সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব পাৰে বুলি তেওঁ মতপোষণ কৰিছিল।

আনহাতে, দোষী সাৱ্যস্ত বিধায়কৰ অধিবক্তাগৰাকীয়ে আদালতক জনায় যে কুলদীপৰ বৰ্তমান আৰ্থিক অৱস্থা ভাল নহয়। সেয়ে, তেওঁ নিৰ্যাতিতাক ক্ষতিপূৰণৰ টকা দিবলৈ সক্ষম নহয়।

তদুপৰি, অধিবক্তাগৰাকীয়ে আবেদন জনায় যে কাৰাগাৰত কুলদীপৰ ব্যৱহাৰ অত্যন্ত ভাল আছিল, গতিকেই তেওঁৰ শাস্তি যেন হ্ৰাস কৰা হয়।

কিন্তু কুলদীপৰ অধিবক্তাৰ কোনো আবেদন বিবেচনা নকৰিলে আদালতে। আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২৫ লাখ টকাৰ জৰিমনাৰ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে উন্নাও ধৰ্ষণ কাণ্ডৰ দুবছৰ পাছত দোষী সাব্যস্ত হৈছিল প্ৰাক্তন বিজেপি বিধায়ক কুলদীপ সেনেগাৰ।

২০১৭ চনত এগৰাকী নাবালিকাক অপহৰণ কৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল তেতিয়াৰ উত্তৰ প্ৰদেশৰ বিজেপিৰ বিধায়ক কুলদীপ সেনেগাৰৰ বিৰুদ্ধে।

পৰৱৰ্তী সময়ত নিজৰ ৰাজনৈতিক প্ৰভাৱেৰে উক্ত অভিযোগৰ পৰা মুক্ত হোৱাৰ বাবে একাধিক পন্থা অৱলম্বন কৰিছিল বিধায়ক গৰাকীয়ে। আনকি সাক্ষ্য নিশেষ কৰাৰ উদ্দেশ্যে ষড়যন্ত্ৰ কৰি দুৰ্ঘটনা সংঘটিত কৰি  ধৰ্ষিতাৰ আত্মীয়ক মৃত্যুৰ মুখলৈকো ঠেলি দিছিল।

ৰাজনৈতিক প্ৰভাৱেৰে অভিযোগ মুক্ত হ’ব বিচৰা কুলদীপ সেনেগাৰৰ বিৰুদ্ধে পছকো-সহ একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।

Related News