NORTHEAST NOW (Assamese)

চৰকাৰী সা-সুবিধা বিচাৰি জাগুনৰ টিংকুপথাৰ গাঁৱৰ গৃহহীন শ্ৰমিকৰ প্ৰতিবাদ

August 20, 2018 3:32 pm · মানস প্ৰতিম গগৈ
Updated: August 20, 2018 3:33 pm

দেশ স্বাধীন হোৱাৰ ৭২ বছৰ পাৰ হ’ল, কিন্তু ইমান বছৰৰ পিছতো চাহ শ্ৰমিক সকলৰ সামগ্ৰীক উন্নয়ন হোৱা পৰিলক্ষিত নহ’ল। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত জাগুন ৯ মাইলৰ টিংকুপথাৰ গাঁৱৰ প্ৰায় ৫০ ঘৰ ভূমি আৰু গৃহহীন আদিবাসী শ্ৰমিকে আজি চৰকাৰী সা-সুবিধা বিচাৰি এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, মাৰ্ঘেৰিটা মহকুমা সমিতিৰ লগতে টিৰাপ জাগুন শাখা সমিতিৰ দ্বাৰা অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত আদিবাসী শ্ৰমিক সকলে প্ৰয়োজনীয় চৰকাৰী আঁচনি ৰূপায়ণ আৰু ভূমি প্ৰদানৰ দাবীত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে আজি প্ৰায় ৪০ বছৰে টিৰাপ মৌজাৰ অন্যান্য অঞ্চলৰ উপৰি জাগুনৰ ৯ মাইল টিংকুপথাৰ গাঁৱত অৱস্থিত প্ৰায় ৫০ ঘৰ শ্ৰমিকে বিভিন্ন ব্যক্তিগত ব্যক্তিৰ চাহ বাগিচাত দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছে।

কিন্তু বাৰম্বাৰ এই শ্ৰমিক সকলে চৰকাৰৰ ওচৰত তেওঁলোকে প্ৰয়োজনীয় সা সুবিধা আৰু থাকিবলৈ মাটি বিচাৰি আবেদন নিবেদন কৰি আহিছে যদিও চৰকাৰে মিছা প্ৰতিশ্ৰুতি দি তেওঁলোকক বঞ্চিত কৰি অহাত আজি এই ৰাজহুৱা সভাখন অনুষ্ঠিত কৰে।

উল্লেখযোগ্য যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আজি উপস্থিত থকা চাহ জনগোষ্ঠীয় লোক সকলৰ সমৰ্থনত আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০টকালৈ বৃদ্ধি কৰাৰ দাবীত সংশ্লিষ্ট বিভাগক স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে।

Related News