NORTHEAST NOW (Assamese)

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে তিনিবাৰ পিছুওৱাৰ পাছত অৱশেষত বিবাহপাশত আৱদ্ধ হ’ল ডেনমাৰ্কৰ প্ৰধান মন্ত্ৰী

July 16, 2020 5:53 pm · এন ই নাও নিউজ
পত্নীৰ সৈতে ডেনমাৰ্কৰ প্ৰধান মন্ত্ৰী, উৎস-ইণ্টাৰনেট

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে চলিত বৰ্ষত তিনিবাৰ পিছুওৱাৰ পাছত ডেনমাৰ্কৰ প্ৰধান মন্ত্ৰী মেট্টে ফ্ৰেডেৰিকছেনে বিবাহ পাশত আৱদ্ধ হয়।

প্ৰধান মন্ত্ৰী ফ্ৰেডেৰিকছেনে চলচ্চিত্ৰ নিৰ্মাতা আৰু ফটোগ্ৰাফাৰ ব’ টেংগবাৰ্গৰ  সৈতে বিবাহ পাশত আৱদ্ধ হয়।

প্ৰধান মন্ত্ৰী ফ্ৰেডেৰিকছেনে প্ৰথমবাৰ সাধাৰণ নিৰ্বাচনৰ বাবে বিবাহ পিছুওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বজুৰি আৰম্ভ হোৱা ক’ৰ’না মহামাৰীৰ বাবে ফ্ৰেডেৰিকছেনে দুবাৰ নিজৰ বিবাহ কাৰ্য্যসূচী পিছুৱাবলগীয়া হৈছিল।

অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্তত পেলাই ফ্ৰেডেৰিকছেন আৰু ব’ টেংগবাৰ্গ বিবাহ পাশত আৱদ্ধ হয়।

বিগত বৰ্ষৰ ২৭ জুনত ফ্ৰেজেৰিকছেনে ডেনমাৰ্কৰ আটাইতকৈ কম বয়সীয়া প্ৰধান মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে, বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ঘোষণা কৰা ল’কডাউনৰ বাবে বিবাহ অনুষ্ঠান সমূহ পিছুৱাই দিয়া হৈছিল।

পৰৱৰ্তী সময়ত প্ৰশাসনৰ নিৰ্দেশ অনুসৰি অতি কম সংখ্যক লোকৰ উপস্থিতিত বিবাহ কাৰ্য্য অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিয়া হয়।

Related News