ত্ৰিপুৰাত মুখ্যমন্ত্ৰীৰ পদত এগৰাকী দন্ত চিকিৎসক, কোন তেওঁ?

হঠাতে নাটকীয় পৰিৱৰ্তন ঘটা ত্ৰিপুৰাৰ ৰাজনীতিত নাটকীয় ভাবে মুখ্যমন্ত্ৰীৰ পদৰ বাবে মনোনীত হৈছে এগৰাকী দন্ত চিকিৎসক।

ৰাজ্য খনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে আজি বিয়লি পদত্যাগ কৰাৰ পিছতে উক্ত দন্ত চিকিৎসকগৰাকীক ৰাজ্য খনৰ নতুন মুখ্যমন্ত্ৰী হিচাবে বাচনি কৰা হৈছে। তেওঁ হৈছে দন্ত চিকিৎসক তথা ৰাজনীতিক ডাঃ মানিক সাহা।

১৯৫৩ চনৰ ৮ জানুৱাৰীত আগৰতলাত জন্ম গ্ৰহণ কৰা সাহাক আজি সৰ্বসন্মতিক্ৰমে ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী হিচাবে নিৰ্বাচন কৰা হয়। ৬৯ বছৰীয়া ডাঃ মানিক সাহাই ২০১৬ চনত বিজেপিত যোগদান কৰিছিল।

ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে জৰিত আছিল।

পত্নী স্বপ্না সাহাৰ সৈতে ডাঃ মানিক সাহাৰ আছে দুগৰাকী কন্যা সন্তান।

উল্লেখ্য আজি বিয়লি মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে পদত্যাগ কৰাৰ পিছতে ৰাজ্যসভাৰ সাংসদ ডাঃ মানিক সাহাক বিজেপি বিধায়িনী দলৰ নতুন নেতা হিচাপে নিৰ্বাচিত কৰা হয়। বিধায়িনী দলে তেওঁক নতুন নেতা হিচাবে নিৰ্বাচিত কৰাৰ লগতে নতুন মুখ্যমন্ত্ৰী হিচাবেও নিৰ্বাচিত কৰে।

এনে সিদ্ধান্ত সন্দৰ্ভত সাহাই কয় যে তেওঁ নতুন পদত থাকিও দলৰ কৰ্মকৰ্তা হৈ থাকিব। ” মোক দিয়া হৈছিল দলৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব। মই কাম কৰিছিলো… এতিয়া মোক বিধায়িনী দলৰ নেতা হিচাপে মনোনীত কৰা হৈছে। মুখ্যমন্ত্ৰী হিচাবে মোৰ নাম প্ৰস্তাৱ কৰা হৈছে আৰু সকলোৱে সেই প্ৰস্তাৱ সমৰ্থন কৰিছে।”

উল্লেখ্য এজন দন্ত চিকিৎসক সাহাক ২০২০ চনত ত্ৰিপুৰা ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছিল।
সাহাক অভিনন্দন জনাই বিদায়ী মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কয়: “তেওঁ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হৈছে। মই তেওঁক অভিনন্দন জনাইছো। মই আশা কৰোঁ যে তেওঁ মই আৰম্ভ কৰা কামৰ গতি ত্বৰান্বিত কৰিব আৰু দল তথা চৰকাৰক শক্তিশালী কৰিব।”

ইপিনে বিপ্লৱ দেৱে কিয় পদত্যাগ কৰিলে তাৰ প্ৰকৃত কাৰণ কোনেও উলিয়াব পৰা নাই।

বিজেপিৰ শীৰ্ষ নেতৃত্বৰ নিৰ্দেশতে দেৱে পদত্যাগ কৰাৰ কথাটো এতিয়া একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে।