NORTHEAST NOW (Assamese)

প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে বিভিন্ন বিভাগত মুকলি কৰি দিলে ২০০ ৰো অধিক পদ

March 2, 2019 3:03 pm · এন ই নাও নিউজ
বিজ্ঞাপনৰ প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

নিবনুৱাক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰে ভাৰতীয় ৰে’ল সেৱা আৰু ৰাজ্য চৰকাৰ সমূহৰ বিভিন্ন বিভাগত নতুন পদত নিযুক্তিৰ বিজ্ঞাপন দি ৰাজ্যৰ নিবনুৱাক সকাহ দিবৰ বাবে চেষ্টা কৰিছে।

লোকসভা নিৰ্বাচনৰ পূৰ্বেই এইবাৰ অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ নিবনুৱা সকলৰ বাবে মুকলি কৰি দিছে দুই শতাধিক পদ। কনিষ্ঠ বৰ্গৰ সহায়কৰ পৰা আৰম্ভ কৰি স্কিল ইণ্ডিয়াৰ কথা কোৱা চৰকাৰে কম্পিউটাৰ সহায়কলৈ পদ মুকলি কৰি দিছে ৰাজ্যৰ নিবনুৱা সকলৰ বাবে।

আনহাতে, চতুৰ্থ বৰ্গতো যাতে কৰ্মচাৰীৰ সংখ্যা কম নহয় তাৰবাবে পিয়ন, নৈশ চকীদাৰ আদি পদৰো বিজ্ঞাপন দিছে বিভাগটোৱে। ৰাজ্যৰ নিবনুৱা সকলে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ ৱেব চাইটত গৈ ৩০ মাৰ্চৰ পূৰ্বেই পদ সমূহৰ বাবে আবেদন কৰিব লাগিব।

উল্লেখযোগ্য যে, লোকসভা নিৰ্বাচনলৈ নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ পূৰ্বে  খালী হোৱা পদসমূহৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

Related News