সমগ্ৰ দেশৰ লাখ লাখ লোকক উপকৃত কৰাৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে কেইবাখনো আঁচনি। চৰকাৰে বিভিন্ন খণ্ডৰ প্ৰয়োজনীয়তা অনুসৰি কৰি এই আঁচনিসমূহৰ জৰিয়তে আৰ্থিক সাহায্য, পেঞ্চন, আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱা আগবঢ়ায়।
বিশেষকৈ অসংগঠিত খণ্ডত কাম কৰা বহু লোকৰ বাবে আটাইতকৈ ডাঙৰ চিন্তা হৈছে অৱসৰৰ পিছত আৰ্থিক সুৰক্ষা। এনে ব্যক্তিক সহায়ৰ বাবে চৰকাৰে আৰম্ভ কৰিছে সুলভ মূল্যৰ পেঞ্চন আঁচনি।
এই আঁচনিৰ অধীনত মাহে মাত্ৰ ৫৫ টকা সঞ্চয় কৰি অৱসৰৰ পিছত ৩ হাজাৰ টকাকৈ পেঞ্চন পোৱা সম্ভৱ।
শ্ৰমিকৰ বাবে সুলভ পেঞ্চন
এই চৰকাৰী আঁচনিখনৰ নাম হৈছে ‘প্ৰধানমন্ত্ৰী শ্ৰম যোগী মান্ধন যোজনা’। এই আঁচনিখন অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে আৰম্ভ কৰা হৈছে, যিসকলৰ অৱসৰৰ পিছত কোনো ধৰণৰ আৰ্থিক সুৰক্ষা নাই। তেওঁলোকক সহায় কৰিবলৈ চৰকাৰে ২০১৯ চনত এই প্ৰকল্পটো আৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত শ্ৰমিকসকলে কৰ্মজীৱনত প্ৰতিমাহে মাত্ৰ ৫৫ টকা সঞ্চয় কৰিব আৰু অৱসৰৰ পিছত মাহিলী ৩ হাজাৰ টকা পেঞ্চন লাভ কৰিব।
এই প্ৰকল্পৰ দ্বাৰা কোন কোন লাভৱান হ’ব ?
অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে ‘প্ৰধানমন্ত্ৰী শ্ৰম যোগী মান্ধন যোজনা’। ইয়াৰ ভিতৰত আছে – জাবৰ সংগ্ৰাহক, কাপোৰ ধোৱাৰ কৰ্মী, ৰিক্সা চালক, মুচি,, ইটাৰ ভাটাৰ শ্ৰমিক, ঘৰুৱা শ্ৰমিক, নিৰ্মাণ শ্ৰমিক আদি।
এই আঁচনিৰ এটা ডাঙৰ সুবিধা হ’ল এজন শ্ৰমিকে যদি প্ৰতিমাহে ২০০ টকা জমা কৰে তেন্তে কেন্দ্ৰীয় চৰকাৰেও সংশ্লিষ্ট শ্ৰমিকজনৰ পেঞ্চন পুঁজিত ২০০ টকা জমা দিব। অৰ্থাৎ এজন শ্ৰমিকে জমা কৰা ধনৰ সম পৰিমাণ চৰকাৰে তেওঁৰ পেঞ্চনত আগবঢ়াব।
নিয়মাৱলী সমূহ –
ক) শ্ৰমিকসকলে ১৮ বছৰ বয়সৰ পৰাই এই প্ৰকল্পত বিনিয়োগ আৰম্ভ কৰিব পাৰে।
খ) বছৰ বয়সৰ পৰা আৰম্ভ কৰিলে মাহে ৫৫ টকাহে বৰঙণি দিব লাগিব।
গ) যদি তেওঁলোকে ২৯ বছৰ বয়সৰ পৰা আৰম্ভ কৰে তেন্তে তেওঁলোকৰ মাহিলী বৰঙণি ১০০ টকা হ’ব।অৱসৰৰ পিছত এজন শ্ৰমিকে কিমান টকা লাভ কৰিব সেয়া নিৰ্ভৰ কৰিব সেই শ্ৰমিকজনে পেঞ্চন পুঁজিত কিমান টকা জমা কৰিবলৈ সক্ষম হৈছে তাৰ ওপৰত। এই আঁচনিখন কম আয়ৰ শ্ৰমিকসকলৰ বাবে নূন্যতম বিনিয়োগ আৰু চৰকাৰী সহায়ৰ জৰিয়তে অৱসৰৰ সময়ত আৰ্থিক সুৰক্ষা নিশ্চিত কৰাৰ এক উৎকৃষ্ট সুযোগ।