ল’কডাউন ভংগ! মৰণক শৰণ দি মহানগৰীৰ ৰাজপথত সহস্ৰাধিক জনতা

ল’কডাউন খুলিলে নেকি? আজি মহানগৰীৰ পুৱাৰ ভাগৰ দৃশ্য দেখিলে আপোনাৰ মনতো তেনে এক প্ৰশ্নৰে উদয় হ’ব। মৰণক শৰণ দি পুৱাৰ ভাগত মহানগৰীৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ জনতা।

গুৰুত্বপূৰ্ণ কথা যে চৰকাৰে শাক পাচলি বিক্ৰীৰ অনুমতি দিছিল যদিও বাৰম্বাৰ গ্ৰাহকক সামাজিক দূৰত্ব বজাই ৰাখি বস্তু ক্ৰয় কৰিবলৈ আহ্বান জনাই আহিছিল।

কিন্তু ল’কডাউনৰ ষষ্ঠদশ দিনা ল’কডাউন নামানি মহানগৰীৰ ৰাজপথলৈ ওলাই আহিল বহু লোক। বহুলোকে নিজৰ ব্যক্তিগত বাহনৰে ওলাই অহাত মহানগৰীৰ ভিন্নস্থানত সৃষ্টি হয় তীব্ৰ যানযঁট।

খ্রীষ্টানবস্তিৰ যান-যঁট

মহানগৰীৰ গণেশগুৰি, খ্ৰীষ্টানবস্তি আৰু এ বি চিত প্ৰায় ১ ঘন্টা সময়ৰ বাবে সৃষ্টি হয় এই যানযঁট। মহানগৰীৰ সচাৰচৰ যান-যঁটৰ ছবিখন আৰু আজিৰ ছবিখনৰ কোনো পাৰ্থক্য দেখিবলৈ পোৱা নাযাব।

মহানগৰীৰ দিচপুৰৰ ৰাজধানী মছজিদৰ পৰা গণেশগুৰিৰ উৰণীয়া সেঁতুৰ তললৈকে প্ৰায় এক কিঃ মিঃ পথত সৃষ্টি হয় তীব্ৰ যান-যঁট। বাহনৰ ভিৰ দেখি যান-বাহন আৰক্ষী আৰু মহানগৰ আৰক্ষীও কিছু সময়ৰ বাবে বিপাঙত পৰা পৰিলক্ষিত হয়। তেওঁলোকে যান-বাহনসমূহক নিয়ন্ত্ৰণ কৰাত এক প্ৰকাৰৰ ব্যৰ্থ বুলি ক’লেও ভুল কোৱা নহ’ব।

একাংশ জনতাই আৰক্ষীৰ ওচৰত দেখুৱাই গ’ল এটাৰ পাছত আন এটা অজুহাত। কিছু সংখ্যকে শাক-পাচলি বা অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈহে ওলাই আহিছে বুলি অজুহাত দেখুওৱা পৰিলক্ষিত হয়।

অৱশ্যে দিচপুৰ আৰক্ষীয়ে তেনে বহু ব্যক্তিগত বাহন বিশেষকৈ বাইক আৰু কাৰ জব্দ কৰি দিচপুৰ থানালৈ লৈ আহে। বহুসংখ্যক বাহনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰো ৰুজু কৰা বুলি জানিব পৰা গৈছে।

গণেশগুৰিৰ পাচলি বজাৰ

একেই দৃশ্য মহানগৰীৰ খ্ৰীষ্টানবস্তি, এ বি চি আদি অঞ্চলত। গণেশগুৰিৰ শাক-পাছলিৰ বজাৰত গ্ৰহকৰ মাজত দেখা পোৱা নগ’ল কোনোধৰণৰ সামাজিক দূৰত্ব। ইয়াৰ বিপৰীতে গাত-গা লগাই সকলোৱে শাক-পাছলি ক্ৰয় কৰিবলৈ হেতা-ওপৰা লগায়।

তদুপৰি লালগণেশৰ শংকৰ হোটেলৰ সন্মুখত গ্ৰাহক সকলে চৰকাৰৰ অনুমতিপ্ৰাপ্ত শাক পাচলি দোকানৰ পৰা ক্ৰয় কৰিবলৈ আহি ভিৰ কৰা পৰিলক্ষিত হ’ল। তেওঁলোকৰ মাজতো কোনো সামাজিক ব্যৱধান দেখিবলৈ পোৱা নগ’ল।

এনে কিছুসংখ্যক লোকৰ অসাৱধানতাই বহুতকে চিন্তিত কৰি তুলিছে। ল’কডাউন বা সামাজিক দূৰত্বৰ অৰ্থ বুজি নোপোৱা এচাম লোকেই যেন এতিয়া মহানগৰবাসীলৈ ভয়ংকৰ বিপদ কঢ়িয়াই আহিব বুলি সচেতন মহলে মত পোষণ কৰিছে।