NORTHEAST NOW (Assamese)

প্ৰশাসনৰ নিৰ্দেশৰ পাছতো নিৰ্বাচনৰ পূৰ্বে বহুলোকে জমা দিয়া নাই অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ

March 28, 2019 9:18 pm · ফাৰহানা আহমেদ
Updated: March 28, 2019 9:20 pm
লখিমপুৰত অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ এজন গৰাকীয়ে নিজৰ অস্ত্ৰ আৰক্ষীৰ হাতত জমা দিয়াৰ দৃশ্য

লোকসভা নিৰ্বাচনৰ পূৰ্বে লখিমপুৰ জিলা প্ৰশাসনে জিলাখনৰ সকলো অনুজ্ঞাপত্ৰ থকা অস্ত্ৰসমূহৰ গৰাকীক অস্ত্ৰসমূহ ২২ মাৰ্চৰ ভিতৰত নিৰ্ধাৰিত আৰক্ষী চকীত জমা দিয়াৰ নিৰ্দেশ দিয়াৰ পাছতো এতিয়ালৈ বহুতো গৰাকীয়ে নিজৰ নিজৰ লগত থকা অস্ত্ৰসমূহ আৰক্ষীৰ হাতত জমা দিয়া নাই।

লখিমপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি নিৰ্বাচনী প্ৰতিনিধি সকলৰ সৈতে আলোচনাৰ পাছতো এতিয়াও অনুজ্ঞাপত্ৰ থকা গৰাকীয়ে অস্ত্ৰ ওভোটাই নিদিয়া কথাটোৱে তাৎপৰ্য্য বহন কৰিছে।

উল্লেখযোগ্য যে, ১১ এপ্ৰিলত সমষ্টিটোত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচন শান্তিপুৰ্ণভাবে অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখিয়ে জিলা প্ৰশাসনে সকলো অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ জমা দিবলৈ নিৰ্দেশ দিছিল যাতে অস্ত্ৰৰ কোনোধৰণৰ অপব্যৱহাৰ কৰা নহয়।

আনহাতে, জিলাখনৰ বহু অনুজ্ঞাপত্ৰ অস্ত্ৰৰ ম্যাদ ইতিমধ্যে উকলি যোৱাৰ পাছতো অস্ত্ৰৰ গৰাকীয়ে অনুজ্ঞাপত্ৰৰ পুনৰ পঞ্জীয়ণ কৰা নাই। জিলা আৰক্ষী প্ৰশাসনে নিৰাপত্তা আৰু সুৰক্ষাৰ লগত জড়িত বিষয়টোৰ ওপৰতো মনোযোগিতাৰে কাম নকৰাত স্থানীয় ৰাইজৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হৈছে।

Related News