• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুৰক্ষিত নহয় ৰাষ্ট্ৰীয় প্ৰতীক! দেশখনত ৫০ লাখ কেংগাৰু হত্যা কৰিব অষ্ট্ৰেলিয়াৰ চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 27, 2023 9:27 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অষ্ট্ৰেলিয়াৰ কোট অৱ আৰ্মছ আৰু ৰাষ্ট্ৰীয় বিমান সংস্থাৰ পিছত কেংগাৰুৰ প্ৰতীক থাকিলেও দেশখনৰ প্ৰশাসনে চিকাৰীসকলক প্ৰতি বছৰে লাখ লাখ কেংগেৰু হত্যা কৰাৰ অনুমতি দিয়ে। বাতৰি অনুসৰি, এই বছৰ দেশৰ বিভিন্ন প্ৰান্তত প্ৰায় ৫ মিলিয়ন অৰ্থাৎ ৫০ লাখ কেংগাৰু হত্যা কৰা হ’ব।

দেশখনৰ চৰকাৰ আৰু বন্যপ্ৰাণী বিশেষজ্ঞসকলে কয় যে কিছুমান প্ৰজাতিৰ কেংগাৰু ইমান বৃদ্ধি পাইছে যে খৰাঙৰ সময়ত কৃষিভূমি, অন্যান্য স্থানীয় প্ৰজাতি আৰু জীৱ-জন্তুক অনাহাৰৰ পৰা সুৰক্ষিত কৰিবলৈ তেওঁলোকক নিয়মীয়াকৈ হত্যা কৰা প্ৰয়োজন।

অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা কেংগাৰুটোৰ হত্যাৰ সন্দৰ্ভত সমাজকৰ্মীসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে এই কাৰ্য নিষ্ঠুৰ আৰু বাণিজ্যিক স্বাৰ্থৰ দ্বাৰা পৰিচালিত।

লগতে পঢ়ক: Fact Check: ফোনত বিনামূলীয়াকৈ ২৩৯ টকাৰ ৰিচাৰ্জ দিছে মোডী চৰকাৰে! দৰাচলতে ভুৱা মেচেজ…

অষ্ট্ৰেলিয়াৰ কেংগাৰু উদ্যোগ সংস্থাৰ মতে, চৰকাৰৰ দ্বাৰা পৰিচালিত কেংগাৰু হত্যা কাৰ্যসূচীৰ অধীনত, অনুজ্ঞাপ্ৰাপ্ত চিকাৰীসকলে প্ৰতি কিলোগ্ৰাম কেংগাৰুৰ বাবে মাচুল প্ৰাপ্ত কৰে। ইয়াৰ উপৰিও, কেংগাৰুৰ মাংস, চামৰা আৰু চামৰাৰ পৰা সংসাধিত সামগ্ৰী বিশ্বৰ ৭০খন দেশলৈ ৰপ্তানি কৰা হয়। এই কেংগাৰু হত্যাক কেন্দ্ৰ কৰি প্ৰায় ১৩৩ নিযুত আমেৰিকান ডলাৰৰ উদ্যোগ গঢ়ি উঠিছে।

দেশখনৰ বিশাল এলেকাৰ বাবে কেংগাৰু গণনা কৰাটো অতি কঠিন, যদিও প্ৰতি বছৰে চৰকাৰী বিষয়াসকলে হেলিকপ্টাৰ আৰু ফিক্সড-উইং বিমান ব্যৱহাৰ কৰি জৰীপ চলায়। আৰু এই জৰীপৰ পিছত দেশৰ কোনটো এলেকাত কিমান প্ৰজাতিৰ কেংগাৰু হত্যা কৰা হ’ব সেয়া নিৰ্ধাৰণ কৰা হয়।

শেহতীয়া চৰকাৰী পৰিসংখ্যা অনুসৰি, নিউ চাউথ ৱেলছ, কুইন্সলেণ্ড, ভিক্টোৰিয়া, দক্ষিণ অষ্ট্ৰেলিয়া আৰু পশ্চিম অষ্ট্ৰেলিয়াত ৫০ লাখ কেংগাৰু হত্যা কৰিবলৈ অনুমোদন জনোৱা হৈছে।

লগতে পঢ়ক: WPL 2023 Final: মহিলা প্ৰিমিয়াৰ লীগৰ ৰুদ্ধশ্বাস ফাইনেলত দিল্লীক পৰাস্ত কৰি চেম্পিয়ন মুম্বাই

ইয়াৰ আগতে ২০২০ চনত অষ্ট্ৰেলিয়াই প্ৰায় ১০,০০০ বনৰীয়া উট হত্যা কৰিছিল। কিয়নো সেই সময়ত দেশৰ কিছু অংশত ইমান খৰাং হৈছিল যে পানীৰ প্ৰয়োজনত বনৰীয়া উটবোৰ জনাঞ্চললৈ আহিবলৈ আৰম্ভ কৰিছিল। সেয়ে, দেশখনে এইদৰে উট হত্যাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm
আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

September 15, 2025 3:36 pm
মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 3:23 pm
কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 2:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm
আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

September 15, 2025 3:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd