মাত্ৰ ৩ টকাত ৰুটি, ১০০ টকাত চিকেন বিৰিয়ানী! নতুন সংসদ ভৱনৰ কেন্টিনত খাদ্যৰ দাম কিমান?

সোমবাৰৰ পৰা পুৰণি ঐতিহাসিক সংসদ ভৱনত নহয়, নতুন সংসদ ভৱনত আৰম্ভ হয় বিশেষ অধিৱেশন। এতিয়াৰে পৰা নতুন সংসদ ভৱনতে কাম-কাজ অব্যাহত থাকিব। নতুন সংসদলৈ কাৰ্য্যবিধি হস্তান্তৰ সন্দৰ্ভত সংসদত উত্তপ্ত আলোচনা চলি আছে। নতুন সংসদ ভৱনটো কিমান চমকপ্ৰদ আৰু নতুন সংসদ ভৱনৰ কাম কেনেকুৱা হ’ব সেই বিষয়ে কোৱা হৈছে।

দেশৰ সংসদৰ কথা যেতিয়াই চৰ্চা হয়, সংসদৰ কেণ্টিনত খাদ্যৰ দামৰ কথাও প্ৰায়ে চৰ্চা হয়। সংসদৰ কেন্টিনত অতি সস্তাত খাদ্য পোৱা যায় আৰু ইয়াৰ মূল্যক লৈ ছ’চিয়েল মিডিয়াত বিতৰ্ক চলি আছে। সংসদৰ কেন্টিনত কিমান টকাত কি খাদ্যৰ ব্যৱস্থা আছে?

লগতে পঢ়ক: Chandrayaan-3: নিদ্ৰা ভঙা নাই বিক্ৰম-প্ৰজ্ঞানৰ, পোৱা নাই সংকেত; হাৰ মানিবলৈ সাজু নহয় ইছৰো

উল্লেখ্য যে ২০২১ চনত সংসদৰ কেন্টিনৰ মূল্য তালিকাত পৰিৱৰ্তন ঘটিছিল। ভাৰত পৰ্যটন উন্নয়ন নিগমে ২০২১ চনত কেণ্টিনৰ মূল্য সলনি কৰি বহু খাদ্যৰ মূল্য বৃদ্ধি কৰে। উদাহৰণস্বৰূপে, আগতে ৰুটিৰ দাম ২ টকা আছিল, যিটো পিছলৈ ৩ টকালৈ বৃদ্ধি কৰা হৈছিল। ইয়াৰ উপৰিও কুকুৰা আৰু ছাগলীৰ মাংসৰ প্ৰকৰণৰ দামো বৃদ্ধি কৰা হৈছে।

ইয়াত যেনে আলু বন্দা ১০ টকা, ৰুটি ৩ টকা, দৈ ১০ টকা, দোছা ৩০ টকা, লেমন ৰাইচ ৩০ টকা, মাটন বিৰিয়ানী ১৫০ টকা, চিকেন বিৰিয়ানী ১০০ টকা, মাটন কাৰী ১২৫ টকা, অমলেট ২০ টকা, খীৰ ৩০ টকা, উপমা ২৫ টকা, চূপ ২৫ টকা, চামোছা ১০ টকা, কচুৰী ১৫ টকা, পনীৰ পকোৰা ৫০ টকাত উপলব্ধ।

লগতে পঢ়ক: জিমত ৱৰ্কআউট কৰাৰ সময়ত কিয় হাৰ্ট এটেক হয়? মৃত্যুৰ আশংকাৰ পৰা হাত সাৰিবলৈ কি কৰিব?

সংসদত লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলৰ বাবে কেন্টিনত সস্তা খাদ্যক লৈ বিতৰ্ক ক্ষান্ত হোৱা নাই। বহুবাৰ এই প্ৰশ্ন উত্থাপন হৈছে যে কিয় দেশৰ আইন প্ৰণেতাসকলৰ বাবে এই বিশেষ ব্যৱস্থা।

নতুন বছৰত এই বিতৰ্কৰ অন্ত পেলোৱাৰ পথত আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰে। লোকসভাৰ অধ্যক্ষ ওম বিড়লাই ইয়াৰ পূৰ্বেও ইংগিত দিছিল যে খাদ্যৰ দাম বৃদ্ধি হ’ব। ৰাজসাহায্য উঠি যাব।

লগতে পঢ়ক: ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ১ নং দল ভাৰত! অষ্ট্ৰেলিয়াক হৰুৱাই বিৰল অভিলেখ টীম ইণ্ডিয়াৰ

শেহতীয়াকৈ সংসদৰ কেণ্টিনত খাদ্যৰ নতুন ৰেট কাৰ্ড মুকলি কৰা হৈছে। য’ত ৩ টকাৰ পৰা ৭০০ টকালৈকে খাদ্যৰ সম্ভাৰ অন্তৰ্ভুক্ত কৰা হৈছে।