NORTHEAST NOW (Assamese)

সোমবাৰৰ পৰা ধেমাজিত দেউৰী সাহিত্য সভাৰ অধিৱেশন

January 26, 2020 9:07 pm · এন ই নাও নিউজ
দেউৰী সাহিত্য সভাৰ ৩৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ তোৰণ।। ফটো : নৰ্থ-ইষ্ট নাও

২৭ জানুৱাৰিৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ধেমাজি জিলাৰ গোগামুখৰ বামচেনীয়াত অনুষ্ঠিত হ’ব দেউৰী সাহিত্য সভাৰ ৩৪ সংখক দ্বি-বাৰ্ষিক অধিৱেশন।

শিক্ষাবিদ প্ৰয়াত যতীনচন্দ্ৰ বৰা সমন্বয় ক্ষেত্ৰত ২৭, ২৮, ২৯ আৰু ৩০ জানুৱাৰিত হ’বলগীয়া অধিৱেশনখনৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে আদৰণি সমিতিয়ে।

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অৰুণাচল, মেঘালয়ৰ পৰাও বহু প্ৰতিনিধি তথা সাহিত্যপ্ৰেমীয়ে অধিনৱেশনত অংশ ল’ব বুলি জনায়।

ধেমাজি জিলাৰ গোগামুখৰ স্থানীয় ৰাইজসকলৰ মাজত ব্যাপক উছাহ দেখা পৰিলক্ষিত হোৱাৰ লগতে ৩৪ সংখ্যক অধিৱেশনৰ ৮০ শতাংশ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলি অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি বসন্ত কুমাৰ দেউৰী আৰু প্ৰধান সম্পাদক দিগন্ত দেউৰীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে য়ু টি চি গঠনৰ বিৰোধিতাত কেইবাটাও সংগঠনে আহ্বান জনোৱা অসম বন্ধই অধিৱেশনৰ আৰম্ভণি দিনটোত ব্যাঘাট জন্মাব পাৰে বুলি কিছু পৰিমানে শংকিত হৈছে আয়োজক সমিতি।

Related News