শিৱসাগৰত বিধ্বংসী অগ্নিকাণ্ড; জুঁইত জাহ গ’ল কেইবা লাখ টকাৰ সা-সম্পত্তি

IMG-20201205-WA0003

ফটো: নৰ্থইষ্ট নাও

শুকুৰবাৰে নিশা শিৱসাগৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। এই অগ্নিকাণ্ডৰ ফলত জুঁইত জাহ গ’ল পাঁচখন দোকানকে ধৰি কেইবাটাও বাসগৃহ।

শিৱসাগৰ চহৰৰ সমীপৰ দৰিকাপাৰৰ খাটথাৰত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা।

এখন দোকানৰ পৰা জুঁইৰ সুত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ সম্পূৰ্ণ ৰূপে ভষ্মীভূত হৈ পৰে।

অগ্নিকাণ্ডৰ মাজতে তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত অধিক ভয়ংকৰ ৰূপ লয় জুঁইয়ে।

অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা নাই যদিও শ্বৰ্ট চাৰ্কিটৰ ফলত হোৱা বুলি সন্দেহ কৰা হৈছে।

জুঁইত বাবা কোঁচ, মুনু কোঁচ, মনোজ কোঁচ, শংকৰ গগৈৰ লগতে ৰামেশ্বৰ চেতিয়াৰ বাসগৃহ আৰু দোকানৰ বিস্তৰ ক্ষতি সাধন হয়।

অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী আহি দুইঘন্টা জোৰা প্ৰচেষ্টাৰ অন্তত জুঁই নিৰ্বাপিত হয়।

অগ্নিকাণ্ডত শংকৰ গগৈ নামৰ এজন ব্যক্তি অগ্নিদগ্ধ হয়। তেওঁক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

প্ৰায় ২০ লাখ টকাৰ মূল্যৰ সা-সম্পত্তি জুঁইত জাহ যোৱা বুলি অনুমান কৰা হৈছে।