বঙাইগাঁও জিলা উন্নয়ন আয়ুক্তৰ কেইবাটাও বিভাগৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা

বঙাইগাঁও জিলাৰ জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসে জিলা উপায়ুক্তৰ সভাকক্ষত কেইবাটাও বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে বিভাগীয় উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে।

অতিৰিক্ত উপায়ুক্ত নৱজ্যোতি ওজা, অতিৰিক্ত উপায়ুক্ত তথা উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি(ভাৰপ্ৰাপ্ত) পাৰ্থ সাৰথি জহৰীৰ উপস্থিতিত বঙাইগাঁও ৰাজহ চক্ৰ, ডাংতল, মাণিকপুৰ, বইটামাৰী আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল,খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা, শিক্ষা, বৈধ পৰিমাণ বিজ্ঞান, আবকাৰী, জিলা পৰিবহন বিভাগ, নগৰ পানী যোগান, ক্ৰীড়া আদি বিভাগ আৰু আই টি আই প্ৰতিষ্ঠানৰ অধ্যক্ষৰ কাম-কাজৰ বিষয়ে জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে পৰ্যালোচনা কৰে।জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসে জিলাখনৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধীনত ভূমি-ৰাজহ সংগ্ৰহ সম্পৰ্কত বুজ লয় আৰু এই ক্ষেত্ৰত ৰাজহ আদালত অনুষ্ঠিত কৰি অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা বুলি চক্ৰ বিষয়াসকলে জানিবলৈ দিয়ে ৷

জিলা পৰিবহন বিষয়াই বাইক দুৰ্ঘটনাত গুৰুতৰ আঘাতৰ পৰা সুৰক্ষিত থাকিবলৈ হ’লে হেলমেট পিন্ধাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰ সহায় বিচাৰে।খাদ্য আৰু অসামৰিক যোগান বিভাগে যদি পেট্ৰ’ল পাম্পত হেলমেট পিন্ধা বাইক আৰোহীকহে তেল দিয়াটো নিশ্চিত কৰিব পাৰে তেতিয়া সকলো বাইক আৰোহী হেলমেট পিন্ধি বাইক চলাবলৈ বাধ্য হ’ব।

আনহাতে বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ সহকাৰী নিয়ন্ত্ৰক আৰু আবকাৰী অধীক্ষকে জানিবলৈ দিয়ে যে তুলনামূলকভাৱে পূৰ্ৱৰ তুলনাত ৰাজহ সংগ্ৰহ বৃদ্ধি হৈছে ৷

প্ৰাথমিক শিক্ষা বিভাগৰ বিষয়াই জানিবলৈ দিয়ে যে আগন্তুক গুণোৎসৱৰ বাবে প্ৰস্তুতি চলি আছে। জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসে শিক্ষা বিষয়াক নিয়মীয়াকৈ বিদ্যালয়সমূহ পৰিদৰ্শন কৰি থাকিবলৈ কয়।

আনহাতে সংশ্লিষ্ট বিষয়াই মধ্যাহ্ন ভোজন আঁচনি সঠিকভাৱে ৰূপায়ণ হৈ থকা বুলি জানিবলৈ দিয়ে।

সেইদৰে জিলা ক্ৰীড়া বিষয়াই জানিবলৈ দিয়ে যে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত নিৰ্মাণ কৰি থকা খেল পথাৰ উন্নয়নৰ কাম কিছু পৰিমাণে আগবাঢ়িছে।

নগৰ পানী যোগান বিভাগৰ বিষয়াক আৱন্টিত পুঁজিৰ অধীনত অতি শীঘ্ৰে কাম কৰিবলৈ জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে। একেদৰে আই টি আই প্ৰতিষ্ঠানৰ অধ্যক্ষই জানিবলৈ দিয়ে যে বৰ্তমানো তাত নাম ভৰ্তি কৰিব পৰাকৈ আসন আছে।