NORTHEAST NOW (Assamese)

দেৱেন দত্তৰ মৃত্যুৱে উদঙালে স্বাস্থ্য খণ্ডৰ ফোপোলা স্বৰূপ: অভিযোগ আপৰ

August 18, 2023 5:30 pm · এন ই নাও নিউজ, গুৱাহাটী

বিশিষ্ট সক্ৰিয় ৰাজহুৱা কৰ্মী তথা অধ্যাপক দেৱেন দত্তৰ যোৱা নিশা গুৱাহাটী মেডিকেল কলেজত মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছে এক বিস্ফোৰক অভিযোগ।

অভিযোগ অনুসৰি, নিশা জি এম চি এইচত এক ইউনিট তেজৰ অভাৱৰ বাবেই মৃত্যু হয় ভাষাবিদগৰাকীৰ। এই অভিযোগে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত।

এই ঘটনাত আশ্চৰ্য প্ৰকাশ কৰিছে আম আদমি পাৰ্টীয়ে। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে লেখত ল’বলগীয়া জি এম চি এইচত তেজৰ অভাৱত ৰোগীৰ মৃত্যু হোৱা ঘটনাই অসমৰ স্বাস্থ্য খণ্ডৰ ফোপোলা স্বৰূপ উদঙাই দিছে বুলি দাবী কৰিছে দলটোৱে।

দলৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আজিৰ দিনত ব্লাড বেংকত তেজৰ অভাৱত ৰোগীৰ মৃত্যু হোৱা ঘটনা কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে।

কাৰ গাফিলতিৰ বাবে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হ’ল, সেয়া তদন্ত কৰি দোষীক বিভাগীয় শান্তি বিহিব লাগে বুলি দাবী জনায় আপৰ অসম প্ৰদেশৰ সভাপতিগৰাকীয়ে।

আম আদমি পাৰ্টীয়ে লগতে কয় যে কমিছনৰ অংকত একমাত্ৰ হাস্পতালৰ ভৱন নিৰ্মাণ কৰিলেই স্বাস্থ্য সেৱাৰ উন্নতি নহয়। স্বাস্থ্য বিভাগৰ এই পয়ালগা অৱস্থাৰ বাবে হিমন্ত বিশ্ব শৰ্মাক জবাবদিহি কৰিছে দলটোৱে।

আপৰ মতে, ডেৰ দশক ধৰি অসমৰ স্বাস্থ্য মন্ত্ৰী হোৱা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ স্বাস্থ্য খণ্ডৰ এনে দুখজনক অৱস্থাৰ বাবে নৈতিক বিফলতা স্বীকাৰ কৰি ল’ব লাগে।

লগতে আপে অভিযোগ কৰিছে যে যি সময়ত অসমৰ চিকিৎসা সেৱা উন্নত কৰিবলৈ বিজেপি চৰকাৰক আপে দাবী জনাই আহিছে, সেই সময়ত বিজেপি চৰকাৰে একমাত্ৰ হাস্পতাল নিৰ্মাণ কৰি কমিছনৰ অংকত ব্যস্ত আছে।

চৰকাৰৰ এই বেপেৰুৱা চৰিত্ৰ সলনি কৰি জনতাক উৎকৃষ্ট স্বাস্থ্য সেৱা প্ৰদান কৰিবলে আপে দাবী জনায়।

উল্লেখ্য যে দেৱেন দত্তৰ মৃত্যুৰ পিছতে কেয়াৰটেকাৰে যোৱা নিশা জি এম চি এইচত এক ইউনিট তেজৰ অভাৱৰ বাবেই তেওঁৰ মৃত্যু হোৱা অভিযোগ কৰাৰ পিছতে জি এম চি এইচ কৰ্তৃপক্ষই এখন তদন্ত সমিতি গঠন কৰি দিছে।

Related News