• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

দেৱেন দত্ত ছাৰো গ’ল গৈ!

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
August 18, 2023 4:10 pm
Deven Dutta
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুৱাৰ নিচা ফেচবুক। অখিলে ফেচবুকত লিখা কথাৰ পৰা গম পালোঁ দেৱেন দত্তছাৰ ঢুকোৱা বুলি। দেৱেন দত্তছাৰ? হঠাৎ, এনেকৈ! কি কৰোঁ? ছাৰৰ ল’ৰা-ছোৱালীক এসময়ত মই চিনি পাইছিলোঁ। ছাৰৰ পত্নী অৰুন্ধতী দত্তৰ লগত মোৰ বৰ ভাল সম্পৰ্ক আছিল। তেওঁৰ ভনীয়েক বোধহয় মোৰ সহপাঠী আছিল কটনত। কিন্তু, এতিয়া ছাৰৰ ঘৰৰ কাকোকে মই চিনি নাপাওঁ, তেওঁৰ ভনীয়েক অনুপমা দত্ত শইকীয়াৰ বাহিৰে। তেওঁলৈ মেচেজ এটা কৰিলোঁ। কোনো উত্তৰ নাই। কি কৰোঁ? নাই, আজি জিমলৈ নাযাওঁ, ছাৰৰ ঘৰলৈ যাওঁ।

তেতিয়া ছয় বাজি গৈছে। সুন্দৰপুৰৰ ছাৰৰ ঘৰলৈ মই ৩৫ বছৰ আগতে গৈছিলোঁ। তেওঁৰ ঘৰটো সুন্দৰপুৰৰ কোনখিনিত আছিল এতিয়া পাহৰি গৈছোঁ। ভাবিলোঁ, আজি ছাৰৰ ঘৰ বিচাৰি উলিওৱাত বিশেষ অসুবিধা নহ’ব। ঘৰৰ আগত মানুহ বা গাড়ী মটৰ থাকিব। সুন্দৰপুৰৰ ৰাস্তাৰে ৰাজুৱে গাড়ী সুমুৱাই দিলে। কি হ’ল- ক’তো যে কোনো মানুহৰ ভিৰ নাই? ৰাস্তাত এখনো গাড়ী নাই? এয়াতো সুন্দৰপুৰেই।

Apply Now

কাক সোধোঁ, ছাৰৰ ঘৰটোৰ বিষয়ে? ৰাস্তাত কেইজনমান দেখিবলৈ ধুনীয়া ডেকা ল’ৰা। বোধহয় মণিপুৰী। মণিপুৰৰ অশান্তিয়ে এওঁলোকক গুৱাহাটীলৈ পঠিয়াইছে। এওঁলোকে ক’ত দেৱেন দত্তৰ ঘৰ চিনি পাব? ৰাস্তাত মানুহ নাই, ৰাস্তাৰ দুয়োফালে কেৱল ডাঙৰ ডাঙৰ ঘৰ। আগতে দিল্লীত তেনেকুৱা হৈছিল, ৰাস্তাত মানে আবাসিক অঞ্চলত, বিশেষকৈ আঢ্যৱন্ত আবাসিক অঞ্চলত ৰাস্তাত মানুহ দেখা পোৱা নগৈছিল। দামী দামী গাড়ীবোৰহে কাষেৰে শো-শোৱাই পাৰ হৈ গৈছিল। এতিয়া গুৱাহাটীৰো একেই অৱস্থা।

ইফালে-সিফালে চাই অলপ অসম্ভ্ৰান্ত, অথচ স্থানীয় যেন লগা মানুহ এঘৰ দেখা পালো। দুগৰাকী মানুহ তেওঁলোকৰ ঘৰৰ আগত দেখিলোঁ। তেওঁলোকক দেৱেন দত্তৰ ঘৰৰ বিষয়ে সুধিলোঁ। মহিলা গৰাকীয়ে চিনি নাপাওঁ বুলি ক’লে। অসমে চিনি পোৱা মানুহক ঘৰৰ কাষৰ মানুহেই চিনি নাপায়! কি কৰোঁ, কাক সোধোঁ? এনেতে দেখিলোঁ, মোৰ প্ৰায় সমবয়সীয়া মানুহ এজন আহি আছে মৰ্ণিং ওৱাক কৰি(দত্ত ছাৰে নিশ্চয় ক’লেহেঁতেন ‘প্ৰাতঃ ভ্ৰমণ’ বুলি। কিন্তু আমি জানো প্ৰাতঃ ভ্ৰমণ বুলি কওঁ?)। দেৱেন দত্তৰ ঘৰটো চিনি পায়? আহক, অলপ আগলৈ।

তেওঁ মোক ঘৰটো দেখুৱাই দিলে, মানে তেৱোঁ মোৰ লগত আহিল। মই তেওঁক দত্ত ছাৰ ঢুকোৱা কথাটো ক’লোঁ। অ’, হয়নেকি? ছাৰে আমাকো পঢ়ুৱাইছিল কটনত। কেতিয়া? ১৯৭৯ ত। মই ক’লোঁ, অ’ ময়ো কটনত ছাৰৰ ছাত্ৰ আছিলোঁ ১৯৭৭ ত। ৰ’ব ঘৰটোতচোন মানুহ ঢুকোৱাৰ কোনো উমঘাম নাই। আপুনি ক’ত পালে খবৰটো? ফেচবুকত। কথাটো সঁচানে? সঁচা। মিছা হ’লেতো ভালেই। ৰ’বচোন। তেওঁ বাৰান্দালৈ উঠি গৈ কলিং বেল বজালে। দুৱাৰত ঢকিয়ালে। ক’তো কাৰো সাৰসুৰ নাই।

মই কিংকৰ্তব্যবিমূঢ় হৈ দত্ত ছাৰৰ ঘৰৰ চৌহদৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। দেখোঁ, এখন গাড়ী আহি ঠিক মোৰ গাড়ীখনৰ আগফালে ৰৈছে। অ’, ৰবীন গোস্বামী ছাৰ! মই ঘৰৰ পৰা ওলোৱাৰ সময়ত ভাবিছিলোঁ- দত্তছাৰৰ ঘৰত কাক কাক লগ পাম। মোৰ প্ৰথমেই ৰবীন গোস্বামী ছাৰৰ নামটো মনলৈ আহিছিল। ছাৰেও অখিলৰ ফেচবুকৰ লেখাতে খবৰটো পাইছে। ছাৰক ক’লোঁ- মই এতিয়ালৈ কাকো লগ পোৱা নাই ঘৰত।

কি কৰা যায়? নাই, মোৰ তাত সুমনৰ(ছাৰৰ ল’ৰা) নম্বৰটোও নাই। অনুপমা দত্ত শইকীয়াৰ নম্বৰটো মোৰ আছে। দিয়াচোন তুমি। ৰ’ব ছাৰ, ময়ে ফোন কৰোঁ। নাই ছাৰ, ফোন চুইট্চঅফ। এহ, কি কৰা যায়? ৰ’বা। এইবাৰ তেওঁ গৈ অলপ জোৰকৈ দুৱাৰত ঢকিয়ালে। অলপ পিছত কোনোবাই দুৱাৰখন খুলিলে। ছাৰৰ বোৱাৰীয়েক। গোস্বামী ছাৰ তেওঁলোকৰ মানুহ ব’হা কোঠাত বহি বোৱাৰীয়েকৰ লগত কথা পাতিবলৈ ধৰিলে।

অলপ পিছত, ময়ো ভিতৰলৈ গৈ বহিলোঁ। ছাৰে মোক চিনাকি কৰাই দিলে। তাৰ পিছত তেওঁ ওপৰ মহলালৈ গ’ল। ছাৰ আৰু মই দত্ত ছাৰৰ বিষয়ে কথা পাতিবলৈ ধৰিলোঁ। ছাৰে ক’লে, অৰুন্ধতী ঢুকোৱাৰ পিছত তেওঁ বৰ নিসংগ হৈ পৰিছিল। মই বোলোঁ, দেখিলোঁৱেই নহয়। অলপ পিছত ছাৰৰ ল’ৰা সুমন ওপৰৰ পৰা নামি আহিল। আমি গম পালোঁ, ছাৰ আজি এসপ্তাহৰ পৰা অসুখত ভুগি আছিল। ছাৰক প্ৰথমতে হেলথ্ চিটিত ভৰ্তি কৰা হৈছিল। পিছত গুৱাহাটী মেডিকেল কলেজলৈ নিয়া হৈছিল।

আজিকালি মানুহৰ এনেকৈয়ে মৃত্যু হয়। প্ৰথমে এখন নামী দামী বেচৰকাৰী হাস্পতাল, পিছত গুৱাহাটী মেডিকেল কলেজত মৃত্যু। সুমনে মেডিকেল কলেজৰ পৰা ছাৰৰ মৃতদেহটো আনিবলৈ যাব লাগে। আমি বেছি কথা পাতি থাকিলে তেওঁৰ পলম হ’ব। ইতিমধ্যে আন এজন ডেকা ল’ৰা আহি উপস্থিত হৈছেহি। ছাৰ, ব’লক আমি উঠি দিওঁ। এৰা। দুয়ো তেওঁলোকৰ চৌহদৰ পৰা ওলাই আহিলোঁ। মই আকৌ এবাৰ আহিব লাগিব তেখেতৰ মৃতদেহ আহি পোৱাৰ পিছত। তুমি আহিবানে? ছাৰ মই বোধহয় নাহিম। মোৰ তেখেতক সন্মান জনোৱা হৈ গ’ল। মই মনতে ভাবিলোঁ।

কটন কলেজত, ১৯৭৭ চনত, দেৱেন দত্ত ছাৰক আমি প্ৰথম লগ পোৱা সময়ত, তেওঁৰ বয়স আছিল ৩৪ বছৰ। বাহ, কি তজবজীয়া ডেকা অধ্যাপক! হাই হিলৰ জোটা পিন্ধি কি কটপ কটপকৈ ক্লাচলৈ আহিছিল! দেৱেন দত্ত ছাৰক আমি বৰ ভয় কৰিছিলোঁ। তেখেতৰ ইংৰাজী উচ্চাৰণে আমাৰ ধাতু বাহিৰ কৰিছিল। তেখেতে পঢ়ুৱাই থকা সময়ত আমাৰ এটাই চিন্তা আছিল আমি যেন কেতিয়াও তেওঁৰ প্ৰশ্নবানৰ সন্মুখীন নহওঁ।

এবাৰ কি হ’ল, মোৰ দৰে গাঁৱৰ পৰা অহা অজলা ল’ৰা এটাক তেওঁ কিবা এটা প্ৰশ্ন কৰিলে। বেচেৰাৰ থৰকাচুটি হেৰাল। সি কঁপা কঁপা মাতেৰে ক’লে- ছাৰ মই নাজানো। উগ্ৰমূৰ্তি ধৰি ছাৰ গৰজি উঠিল- Why can’t you say that in English? দেৱেন দত্ত ছাৰ এজন সাধাৰণ মানুহ নাছিল। তেখেত এজন বেলেগ ধৰণৰ মানুহ আছিল। আগ বয়সত তেওঁ এজন গোড়া অসমীয়া জাতীয়তাবাদী আছিল।

দুটা কথাৰ কাৰণে মানুহে তেওঁক মনত ৰাখিবঃ এটা হ’ল তেখেতৰ অসমীয়া ভাষা কোৱা আৰু লিখাৰ ধৰণ। তেখেতে লিখা অসমীয়া গদ্যৰ বিষয়ে এবাৰ নৱকান্ত বৰুৱা ছাৰে ৰসিকতা কৰি কৈছিল- দেৱেনে লিখা অসমীয়া আকৌ কোনোবাই অসমীয়ালৈ অনুবাদ কৰিব লাগিব। দেৱেন দত্তৰ উচ্চাৰণ জগদ্ববিখ্যাত আছিল। কিন্তু দেৱেন দত্ত ছাৰৰ নাম সকলোৱে মনত ৰাখিব গ্ৰাহক সুৰক্ষা আন্দোলনৰ বাবে। এসময়ত এই বিষয়ে তেওঁ কিমান কি যে উদ্যোগ নলৈছিল?

এবাৰ তেওঁৰ নেতৃত্বত ওলোৱা সমদল এটাত পানবজাৰত ময়ো অংশগ্ৰহণ কৰিছিলোঁ। বহু বছৰ আগতে তেওঁ হীৰেন গোহাঁই ছাৰৰ লগ লাগি আমাৰ ৰাজহুৱা শিক্ষাৰ অৱক্ষয়ৰ বিষয়ে এটা জৰীপ কৰিছিল। তাৰ লগত দুদুলমণিও জড়িত আছিল। এসময়ত মই তেওঁৰ লগত বৰ ঘনিষ্ঠ হৈ কাম এটা কৰিছিলোঁ।

সেয়া বোধহয় ১৯৯৩ নে ৯৪ চন আছিল। মই এন বি টিৰ উদ্যোগত উত্তৰ-পূৱ অঞ্চলৰ ভিতৰতে গুৱাহাটীৰ জজফিল্ডত প্ৰথম বাৰৰ বাবে শিশু গ্ৰন্থ মেলা এখনৰ আয়োজন কৰিছিলোঁ। তাত দত্তছাৰ জড়িত আছিল। সেই তেতিয়াই ভবেন বৰুৱা ছাৰ, ৰবীন গোস্বামী ছাৰ আৰু দত্ত ছাৰৰ ল’ৰাহঁতে আমি পতা প্ৰতিযোগিতাবোৰত অংশগ্ৰহণ কৰি পুৰস্কাৰ পাইছিল। দত্ত ছাৰ বিচাৰক আছিল। অৰূপদা(অৰূপ কুমাৰ দত্ত) আৰু ভবেন্দ্ৰনাথ শইকীয়াও আমাৰ লগত আছিল তেতিয়া।

বোধহয় দত্ত ছাৰৰ শেষ ৰাজহুৱা সভা খন আছিল যোৱা জুলাই মাহৰ ৩০ তাৰিখে গুৱাহাটী টাউন ক্লাবত। তাত তেওঁ কটনৰ পুৰণি ছাত্ৰ-ছাত্ৰী এদলক সম্বোধন কৰি বৰ্তমান চৰকাৰৰ শিক্ষানীতিৰ বিৰুদ্ধে বৰ মৰ্মস্পৰ্শী কথা কিছুমান কৈছিল। তেখেতে একেবাৰে শেষত কোৱা কথাটো আছিল- মই অংকত বৰ বেয়া আছিলোঁ। কোনো ৰকমহে পাছ কৰিছিলোঁ। এতিয়া ওভতি চাই দেখোঁ, জীৱনৰ অংকটোৱেইচোন ভুল হৈ গ’ল! উস জীৱনৰ কি কাৰুণ্য?

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd