বহু উত্থান-পতন অতিক্ৰম কৰি বৃহস্পতিবাৰে বিয়লি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হ’ল বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নবিছ। শিৱসেনাৰ নেতা একনাথ সিন্দেই শেষ মুহূৰ্তত শপত গ্ৰহণ কৰি উপ-মুখ্যমন্ত্ৰীৰ পদৰ বাবে থকা জল্পনা-কল্পনাৰ অন্ত পেলাই, সংগ দিয়ে এনচিপিৰ অজিত পাৱাৰে। মুম্বাইৰ আজাদ ময়দানত অনুষ্ঠিত এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ শীৰ্ষ নেতা আৰু মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে। ৰাজ্যপাল চিপি ৰাধাকৃষ্ণনে ফাড়নাবিছক শপত গ্ৰহণ কৰোঁৱায়।
প্ৰসংগক্ৰমে কালি বুধবাৰে বিজেপিৰ মূল সমিতিৰ বৈঠকত বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হয় দেৱেন্দ্ৰ ফাড়নবিছ। বিয়লি ৰাজ্যপালক সাক্ষাৎ কৰি ফাড়নবিছে চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে।
নাগপুৰৰ কাউন্সিলাৰৰ পৰা তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসনলৈঃ
দেৱেন্দ্ৰ ফাড়নবিছৰ জীৱনত একেবাৰে চিনেমাৰ দৰে উত্থান। মাত্ৰ ৫৪ বছৰীয়া জীৱনৰ ৰাজনৈতিক উত্থান-পতন অতিক্ৰম কৰি বুদ্ধিৰে বাটত বিভিন্ন কাঁইট আঁতৰাই পুনৰ মুখ্যমন্ত্ৰীৰ আসনত আসীন হয়।
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডনৱীছ কোন?
ইন্দিৰা গান্ধীৰ জৰুৰীকালীন সময়ত তেওঁৰ পিতৃক তদানীন্তন কংগ্ৰেছ চৰকাৰে জেলত ভৰাইছিল। যিয়ে কিশোৰ দেৱেন্দ্ৰৰ ওপৰত তিক্ত ছাপ পেলাইছিল। নাগপুৰৰ মধ্যবিত্ত পৰিয়ালত জন্ম। ছাত্ৰ বয়সৰ পৰাই তেওঁ ৰাজনীতিত যোগদান কৰিছিল। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য হিচাপে ৰাজনীতিত জড়িত।
১৯৮৯ চনত ২২ বছৰ বয়সত কনিষ্ঠতম কাউন্সিলাৰ হিচাপে পৰিগণিত হোৱা দেৱেন্দ্ৰ ২৭ বছৰ বয়সত নাগপুৰৰ আটাইতকৈ কম বয়সীয়া মেয়ৰ হয়। ইন্দিৰা শাসনৰ সময়ত পিতৃ গংগাধৰ ৰাও ফাড়নবিছ জেলত থকাৰ বাবে দেৱেন্দ্ৰই খঙত ইন্দিৰা কনভেণ্ট স্কুল এৰি সৰস্বতী বিদ্যালয় নামৰ নতুন স্কুলত যোগদান কৰে। আইন বিষয়ত স্নাতক হোৱাৰ পাছত তেওঁ বিজনেছ মেনেজমেণ্ট কৰিছিল। ৰাজনীতিৰ আৰম্ভণিতে দেৱেন্দ্ৰৰ কাম আছিল পোষ্টাৰ আঁকি দিয়া আৰু দেৱালত লিখা। একেৰাহে দুবাৰকৈ নাগপুৰৰ মেয়ৰ হৈছিল। ২০১৪ চনত তেওঁ ৰাজ্যৰ ১৮ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে ৰাজপাট দখল কৰে।
উল্লেখ্য যে এইবাৰ ৰাজ্যৰ ১৪৯খন আসনত যুঁজ দি বিজেপিয়ে ১৩২খন আসনত জয়লাভ কৰে। যিটো ৰাজ্যখনৰ ইতিহাসত সৰ্বোচ্চ। লগতে কেয়াৰটেকাৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ শিৱসেনাই ৫৭খন আসন আৰু অজিত পাৱাৰৰ এনচিপিয়ে ৪১খন আসন লাভ কৰে।