• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৱবৰ্ষৰ প্ৰথম দিনটোতে বিবাহপাশত আৱদ্ধ হ’ল ‘দেৱো কা দেৱ-মহাদেৱ’ খ্যাত অভিনেতা মোহিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2022 8:49 am
mohit-raina-gets-married
623
VIEWS
Share on FacebookShare on Twitter

নৱবৰ্ষৰ প্ৰথম দিনটোতে বলীউদৰ তাৰকা মোহিত ৰাইনা বিবাহ পাশত আৱদ্ধ হ’ল। প্ৰেমিকা অদিতিৰ সৈতে বিবাহবন্ধনত সাঙোৰ খালে অভিনেতাগৰাকী।

নিজৰ ছচিয়েল মিডিয়াৰ প্ৰ’ফাইল বিয়াৰ ছবি প’ষ্ট কৰি নতুন জীৱন আৰম্ভ কৰাৰ খৱৰ দিছে মোহিতে।

প্ৰায়েই নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে নিৰৱ হৈ থকা মোহিতৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে কোনো চৰ্চাও হোৱা নাছিল। কিন্তু অভিনেতাগৰাকীয়ে হঠাতে বিয়াৰ কথা জনাই দিলে অনুৰাগীক।

মোহিতে ছচিয়েল মিডিয়াত বিবাহৰ ছবি প’ষ্ট কৰি লিখিছে,’’ভালপোৱাই কোনো বাধা নামানে। সকলো প্ৰতিকূলতা অঁতৰাই আগবাঢে, কাঁটাতাৰ অতিক্ৰমি সকলো প্ৰাচীৰ ভেদ কৰি মনৰ তীব্ৰতাৰে নিৰ্দিষ্ট লক্ষ্যত উপনীত হয়। অভিভাৱকসকলৰ আশীৰ্বাদ লৈ আমাৰ মিলন হ’ল। নতুন পথত আগবঢ়াৰ বাবে আপোনালোকৰ ভালপোৱা আৰু আশীৰ্বাদ বিচাৰিছো।‘’

এইদৰে লিখি অভিনেতাগৰাকীয়ে নিজৰ লগতে নৱ পৰিণীতা পত্নী অদিতিৰ নাম লিখিছে।

মোহিত কাশ্মীৰত জন্ম লাভ কৰি তাতেই ডাঙৰ-দীঘল হৈছিল। তাৰপাছত তেওঁ মুম্বাইলৈ গুচি আহে। আৰম্ভ কৰে মডেলিং কেৰিয়াৰ।

এগৰাকী অভিনেতা হোৱাৰ হেঁপাহ বুকুত পুহি ৰখা মোহিতে হিন্দী ধাৰাবাহিকৰ জৰিয়তে নিজৰ অভিনয় জীৱন আৰম্ভ কৰে।

কেইবাখনো ধাৰাবাহিকত অভিনয় কৰা মোহিতে ‘দেৱো কা দেৱ-মহাদেৱ’ ধাৰাবাহিকখনৰ জৰিয়তে বিশেষ খ্যাতি লাভ কৰে। মহাদেৱ ভূমিকাত অভিনয় কৰি প্ৰচুৰ জনপ্ৰিয়তা লাভ কৰিছিল মোহিত ৰাইনাই।

মোহিতে ২০১৯চনত মুক্তি পোৱা ‘উৰি: দ্য ছাৰ্জিকেল ষ্ট্ৰাইক’ ছবিখনত মেজৰ কাশ্যপৰ চৰিত্ৰত অভিনয় কৰিছিল। শেহতীয়াকৈ ‘ছিদ্দত’ ছবিখনত গৌতমৰ ভূমিকাত দেখা গৈছিল অভিনেতাগৰাকীক।

মোহিতৰ নৱ বিবাহিত পত্নী অদিতিৰ বিষয়ে এতিয়াও সবিস্তাৰে কোনো কথা সদৰী কৰা হোৱা নাই। বিবাহৰ সাজত নৱ দম্পতিক অনুৰাগীসকলে হিয়া ভৰাই আশীৰ্বাদ দিয়াৰ লগতে বলীউদৰ তাৰকাসকলেও যুগ্ম জীৱনৰ বাবে দুয়োকে শুভেচ্ছা জনাইছে।     

Recent News

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd