ৰঙালী বিহুৰে বতৰ : বিহুৰ বতৰত কান্ধত ঢোল লৈ ঢুলীয়াৰ ৰূপত আৰক্ষী সঞ্চালক প্ৰধান

05-05-19 Guwahati- Assam Police Bohagi Utshav (5)

বিহু 'ঢ়ুলীয়া' ৰূপত দেওবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কূলধৰ শইকীয়া। ফটো : য়ু বি

অসমীয়াৰ সংস্কৃতি বুলি ক’লেই প্ৰথমে মনলৈ আহে বাপতি সাহোন ৰঙালী বিহুটিৰ কথা। অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ এই বিহুৰ বতৰত আটাইৰে মন থৌকি বাথৌ। বহু ব্যস্ততাৰ মাজতো সকলোৱে বিলীন হোৱাৰ চেষ্টা কৰিছে ৰঙালীৰ ৰঙত।

এই ক্ষেত্রত ব্যতিক্ৰম নহয় অসম আৰক্ষীৰ আটাইতকৈ গধূৰ দায়িত্বত থকা আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াও। এগৰাকী বিশিষ্ট সাহিত্যিক হিচাপে পৰিচয় থকা শইকীয়াক আজি দেখা গ’ল সম্পূৰ্ণ পৰম্পৰাগত সাজ পৰিহিত এগৰাকী বিহুৱা ৰূপত। অপৰিসীম ব্যস্ততাৰ মাজতো সময় উলিয়াই শইকীয়াই কান্ধত ঢোল লৈ কিছু পলকৰ বাবে হৈ পৰিল ‘ঢুলীয়া।‘

উল্লেখ্য যে, উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ ১ নং আৱাসিক এলেকাত প্ৰত্যেক বছৰৰ দৰে এইবাৰো ৫ আৰু ৬ মে’ত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ‘অসম আৰক্ষী বহাগী উৎসৱ-২০১৯।‘ অনুষ্ঠানৰ প্ৰথম কাৰ্য্যসূচী হিচাপে পতাকা উত্তোলনৰ উত্তোলক হিচাপে অংশগ্ৰহণ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।

তাৰ পাছতেই পতাকা উত্তোলন কাৰ্য্যসূচীৰ পৰা বাহিৰ কৰা হয় এক সমদল। সমদলৰ অন্তত মুকলি বিহু প্ৰদৰ্শনৰ আগে আগে শইকীয়াক কান্ধত ঢোল হৈ বিহু মৰা দেখিবলৈ পোৱা গ’ল। শইকীয়াৰ লগত সহযোগ কৰে আৰক্ষীৰ অন্য উচ্চ পৰ্য্যায়ৰ বিষয়াসকলে। শইকীয়াৰ ঢোল বজোৱা দৃশ্যই অভিভূত কৰে উপস্থিত অন্যান্য দৰ্শকসকলকো।

তদুপৰি আজি সন্ধিয়া ৬ বজাৰ পৰা আৰক্ষী আৱাসিক এলেকাৰ পৰিয়ালবৰ্গৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে জনপ্ৰিয় কন্ঠশিল্পী ভৃগু কাশ্যপ আৰু মাধুৰী গগৈৰ সংগীতানুষ্ঠান আছে। কাইলৈয়ো সন্ধিয়া ৬ বজাৰ পৰা অনুষ্ঠিত হ’ব সাংস্কৃতিক অনুষ্ঠান। কাইলৈ অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হ’ব জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ গীতৰ শৰাই।