নৰ্থ ইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ : সৰুকালৰ শিক্ষয়িত্ৰীক সাক্ষাৎ কৰিবলৈ ইচ্ছুক আৰক্ষী সঞ্চালক প্ৰধান

Kuladhar Saikia, Briddhasram

ফটো : নৰ্থইষ্ট নাও

মাতৃ দিৱসৰ লগত সংগতি ৰাখি নৰ্থ ইষ্ট নাওৱে ‘মই এতিয়া বহুত সুখী মোৰে ছাত্ৰ এতিয়া ইমান ডাঙৰ পদত আছে, বৃদ্ধাৱাসত থকা এগৰাকী আইতা’ শীৰ্ষক বাতৰিৰ পাছতেই বৃদ্ধাশ্ৰমত থকা আইতাগৰাকীক সাক্ষাৎ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই। নৰ্থ ইষ্ট নাওৰ সাংবাদিকক টেলিফোনৰ জৰিয়তে এই কথা জনালে শইকীয়াই।

যোৱা ১২ মে’ত প্ৰকাশিত এই বাতৰি পঢ়ি আৰক্ষী সঞ্চালক প্ৰধান শইকীয়াই কালি আমাৰ সাংবাদিকক যোগাযোগ কৰি মাদাৰ বৃদ্ধাশ্ৰমৰ ঠিকনাৰ লগতে তাৰ স্বত্ত্বাধিকাৰীৰ যোগাযোগ নম্বৰ বিচাৰিছিল। লগতে বৃদ্ধাশ্ৰমৰ লগতে বৰ্তমান বৃদ্ধাশ্ৰমত থকা আইতা তথা তেওঁক প্ৰাথমিক বিদ্যালয়ত পঢ়োৱা বীনাপানি দেৱীৰ বিষয়েও জানিবলৈ ইচ্ছুক হৈ পৰিছিল।

জানিব পৰা মতে, শইকীয়াই কালি মাদাৰ অ’ল্ডএজ হ’মৰ কৰ্তৃপক্ষক যোগাযোগ কৰি দুই এদিনতে আইতাগৰাকীৰ খবৰ ল’বলৈ যোৱাৰ কথাও ব্যক্ত কৰে।

লগতে পঢ়ক https://assam.nenow.in/a-member-of-mother-old-age-home-recalls-her-experience-as-a-teacher/

উল্লেখযোগ্য যে, বীনাপানি দেৱীয়ে সৰুতে কুলধৰ শইকীয়াক ৰঙিয়া মহকুমাৰ অন্তৰ্গত ‘চেপ্তি প্ৰাথমিক বিদ্যালয়’ত চতুৰ্থ শ্ৰেণীলৈকে পঢ়াইছিল। নৰ্থ ইষ্ট নাওৰ জৰিয়তে হোৱা সাক্ষাৎকাৰত আইতাই কুলধৰ শইকীয়াক ওচৰৰ পৰা এবাৰ চোৱাৰো ইচ্ছা প্ৰকাশ কৰিছিল।

তদুপৰি, বৰ্তমান গুৱাহাটীৰ হাতীগাঁৱৰ সিজুবাৰীস্থিত মাদাৰ্ছ অ’ল্ডএজ হ’মত জীৱন পাৰ কৰা স্বামীহীনা. সন্তানহীনা বৃদ্ধাগৰাকী ভতিজাকহঁতৰ দুৰ্ব্যৱহাৰ সহিব নোৱাৰি এদিন ঘৰৰ পৰা ওলাই আহিছিল, সেয়া আছিল ২০১৬ চনৰ প্ৰথম ভাগৰে ঘটনা। কিন্তু ২০১৭’ৰ মাজত ভতিজাকহঁতে আহি বৃদ্ধাৱাসৰ পৰা লৈ যায়। কিন্তু আকৌ কাজিয়া কৰি খেদাই দিয়ে।

মাদাৰ অ’ল্ড এইজ হ’ম কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে বৰ্তমান আইতাৰ ভতিজাকসকলে তেওঁৰ সা-সম্পত্তি সকলো হস্তগত কৰিছে।