• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লুইতৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰক্ষা কৱচ স্বৰূপ অন্তিমখন গাঁও

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
September 15, 2019 10:32 am
IMG_20190915_075404_466

ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াই পুনৰ ব্যাপক ৰূপ ধাৰণ কৰিছে চামগুৰি সমষ্টিৰ সমীপৱর্তী বুঢ়াচাপৰিত।

লুইতৰ বুকুত নিতৌ ডৰাই-ডৰাই জাহ যাবলৈ ধৰিছে বুঢ়াচাপৰিৰ ধনীয়া শিশুআটি নামৰ গাঁৱ খনৰ এটা বৃহৎ নৈ পৰীয়া অঞ্চলৰ ভূমি।

বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তিম ৰক্ষা কৱচ স্বৰূপ ধনীয়া শিশুআটি গাঁৱৰ একাধিক নৈপৰীয়া পৰিয়ালৰ চকুত টোপনি নাইকিয়া হৈছে।

শোণিতপুৰ জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে অৱস্থিত পুৰণি গাওঁ খনে চৰকাৰীভাবে ১৯৩৮ চনতে স্বীকৃতি লাভ কৰে।

স্থানীয় ৰাইজে অতদিনে গাওঁ খনৰ প্ৰায়বোৰ গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ ক্ষেত্ৰত গাওঁ খনক চৰকাৰ তথা প্ৰশাসনে এলাগী কৰি আহিছে বুলি বহু সময়ত ক্ষোভ উজাৰি আহিছে।

ব্ৰহ্মপুত্ৰৰ বান আৰু গৰাখহনীয়াই ভাৰাক্ৰান্ত কৰি অহা গাওঁ খনৰ চৰকাৰ তথা প্ৰশাসনে কোনো স্থায়ী সমাধানৰ ব্যৱস্থা কৰি নিদিয়াত বিগত তিনি বছৰ ধৰি হেঁপাহৰ গাওঁখন ত্যাগ কৰি সুৰক্ষিত স্থানলৈ ঢাপলি মেলিবলৈ বাধ্য হৈছে শতাধিক পৰিয়ালে।

চলিত বছৰতো তথা পাৰহৈ যোৱা ভৰ বাৰিষাৰ পাছতো পুনৰ ব্যাপকভাবে আৰম্ভ হোৱা ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াই ক্ৰমান্বয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ বাবে এতিয়া আশংকাৰ মাজত দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে ধনীয়া শিশুআটিৰ অৱশিষ্ট পৰিয়াল সমূহে।

IMG_20190915_075412_397
ফটো : নৰ্থইষ্ট নাও

ক্ৰমান্বয়ে ঘৰৰ ওচৰ চাপি আহিছে বুঢ়া লুইত, সঘনাই ঢৌ তুলি পাৰৰ মাটি ভাঙিছে কালৰূপী লুইতে। ইফালে অন্তিম ৰক্ষা কৱচ স্বৰূপ গাওঁখন নিঃশেষ হ’লেই আৰম্ভ হ’ব বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰো ধ্বংস যজ্ঞ।

ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী আৰু গৰাখহনীয়াই অভয়াৰণ্য খনৰো বৃহৎ অংশ বিলীন কৰিছে। নদীৰ বুকুত, জাহ গৈছে কেইবাটাও বন শিবিৰ।

প্ৰশাসন তথা জন প্ৰতিনিধিয়ে সময়-সুবিধা বুজি ভুক্তভোগী গঞাক পূৰ্বে প্ৰদান কৰি অহা আশ্বাস, প্ৰতিশ্ৰুতি মতে যদি পৰিকল্পিত স্থায়ী সমাধানৰ ব্যৱস্থা এইবাৰৰ খৰালিৰ ভিতৰতে কৰিব নোৱাৰে তেন্তে পাছৰ বাৰিষালৈ কেৱল মাত্ৰ মানচিত্ৰতহে বুঢ়াচাপৰিৰ নাম থাকি যাব বুলি এতিয়া সৰ্বত্ৰে গুণাগঁথা চলিছে।

কিন্তু ইমানৰ পাছতো ভুক্তভোগী শংকিত গঞাৰ এই কাতৰ আহ্বান শুনিবলৈ পাবনে বাৰু নদীৰ সিপাৰে এ চি ৰুমত বহি থকা বিয়াগোম নেতা তথা প্ৰশাসনৰ বৰমুৰীয়া সকলে, এতিয়া যেন ই বুঢ়া চাপৰিবাসীৰ বাবে এক নিমিলা অংক হৈ পৰিছে।

ভার্গব হাজৰিকা

ভার্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd