আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ, অসমৰ ধেমাজি জিলা সমিতি গঠন

Anchalikatabad Suraksha Manch

আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ, অসমৰ ৰাজহুৱা সভাৰ দৃশ্য।

ধেমাজি সাহিত্য সভা ভৱনত, আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ, অসমৰ ধেমাজি জিলা সমিতিখন অলপতে গঠন কৰা হয়।

কেন্দ্ৰৰ অন্যায়, শোষণ, অবিচাৰ আৰু বঞ্চনাৰ বিৰুদ্ধে অসমৰ সামগ্ৰিক স্বাৰ্থৰ সুৰক্ষাৰ কথাটো আগত ৰাখি গঠিত অঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ, অসমৰ, ধেমাজি জিলাৰ কামকাজবোৰ নৱ গঠিত সমিতিখনৰ কান্ধত অৰ্পণ কৰা হৈছে বুলি সুৰক্ষা মঞ্চৰ তৰফৰ পৰা জনায়।

ধেমাজি জিলাৰ কমিটীখন গঠন কৰা হয় ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ কাৰ্য্যক্ৰমণিকাৰ মাজেৰে।

তিলেন গগৈৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাখনত কেন্দ্ৰীয় কমিটিৰ মুখ্য সমন্বয়ক তথা সদস্য সচিব লাচিত বৰদলৈ, অন্যতম আহ্বায়ক মণ্ডলী ক্ৰমে সম্বিত শৰ্মা, ড০ গণেশ পেগু, নয়নমণি কলিতা আৰু ভূপেন তালুকদাৰ উপস্থিত আছিল।

সভাত অঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ অসমৰ লক্ষ্য উদ্দেশ্য, নীতি-নিৰ্দেশনা আদি সম্পৰ্কত বিস্তাৰিতভাৱে আলোচনা কৰা হয়।

আলোচকসকলে অসমৰ ৰাইজে ৰক্তক্ষয়ী আন্দোলনৰ মাজেৰে জন্ম দিয়া আঞ্চলিকতাবাদী দল অসম গণ পৰিষদে ৰাইজক বিশ্বাসঘাতকতা কৰা বুলি অভিযোগ কৰে।

স্বাধীনতাৰ পিছৰ পৰা কেন্দ্ৰত শাসনলৈ অহা চৰকাৰসমূহেও যে অসম তথা উত্তৰ-পূবক কেৱল শোষণ আৰু বঞ্চনাহে কৰি আহিছে তাকো বক্তাসকলে তথ্যসহকাৰে ৰাইজৰ আগত দাঙি ধৰে।

ধেমাজি জিলাৰ কমিটীখনত শ্ৰীযুত নৰেন পাৱ আৰু শ্ৰীযুত হৰিপ্ৰসাদ দিহিঙীয়াক মুখ্য পৃষ্ঠপোষক, প্রাক্তন বিধায়ক শ্ৰীযুত ফণী তায়েং আৰু  শ্ৰীযুত তিলেন গগৈ ডাঙৰীয়াক মূখ্য আহ্বায়ক, শ্ৰীযুত ৰবি গগৈক সমন্বয়ৰক্ষী, শ্ৰীযুত মোলোক দাসক আহ্বায়ক (প্ৰচাৰ),  শ্ৰীযুত অপূৰ্ব কুমাৰ বৰঠাকুৰক আহ্বায়কৰ (সংগঠন) দায়িত্ব দিয়া হয়।

সভাত উপস্থিত থকা ব্যক্তিসকলৰ মাজৰ পৰা ২১জন ব্যক্তিক আহ্বায়ক ৰূপে নিৰ্বাচন কৰা হয়।