ধলাৰ হত্যাকাণ্ডৰ বলি হোৱা দুৰ্ভগীয়া পৰিয়ালে সাক্ষাৎ কৰিব ৰাষ্ট্ৰপতিক

TRINAMOOL-TINSUKIA

প্ৰতিনিধিত্বমূলক চিত্ৰ

যোৱা ১ নৱেম্বৰত তিনিচুকীয়া জিলাৰ ধলাত সংঘটিত বৰ্বৰ আক্ৰমণত পাঁচজনকৈ বাঙালী লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাই সকলোকে মৰ্মান্তিক কৰাৰ সময়তে এই গণহত্যাৰ বলি হোৱা দুৰ্ভগীয়া পৰিয়ালৰ সদস্য সকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছে।

অচিনাক্ত বন্দুকধাৰীৰ আক্ৰমণত মৃত্যু হোৱা লোক কেইজনৰ পৰিয়ালৰ সদস্যসকলক দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সৈতে সাক্ষাৎ কৰাই দিব তৃণমূল কংগ্ৰেছে। ধলাকাণ্ডৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা তৃণমূল কংগ্ৰেছে ইতিমধ্যে ইয়াৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে ধলাত সংঘটিত হোৱা উক্ত নাৰকীয় ঘটনাৰ পাছতে যোৱা ৪ নৱেম্বৰত পশ্চিম বংগৰ চাৰিজন তৃণমূল কংগ্ৰেছৰ নেতাই ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে প্ৰতিনিধি দলটোৱে উক্ত গণহত্যাত নিহত হোৱা লোকৰ পৰিয়ালবৰ্গকো সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰিছিল।

তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলটোৰ অসম ভ্ৰমণৰ পাছতে দুৰ্ভগীয়া লোকসকলৰ বাবে ৰাষ্ট্ৰপতিৰ সাক্ষাতৰ অনুমতিৰ আৱেদন জনোৱা বুলি ছ’চিয়েল মিডিয়া টুইটাৰ যোগে পশ্চিম বংগৰ শাসনাধিষ্ঠ দলটোৱে সদৰী কৰে।

উল্লেখ্য যে অতি বৰ্বৰতাৰে বাঙালী সম্প্ৰদায়ৰ পাঁচজনকৈ লোকক হত্যা কৰা হ’ল। সেয়ে এই গণহত্যাৰ বলি হোৱা দুৰ্ভগীয়া পৰিয়াল কেইটাই সম্প্ৰতি কেনে দুখ-দুৰ্দশাৰে দিন অতিবাহিত কৰিছে সেয়া অৱগত কৰোৱাৰ উদ্দেশ্যে দেশৰ ৰাষ্ট্ৰপতিক এবাৰলৈ সাক্ষাৎ কৰি দিয়াৰ ব্যৱস্থা হাতত লোৱা হৈছে বুলি তৃণমূল কংগ্ৰেছে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে যোৱা ১ নৱেম্বৰৰ নিশা ধলাৰ ওচৰৰ খেৰবাৰীত অচিনাক্ত বন্দুকধাৰীয়ে ৫জনকৈ বাঙালী লোকক নৃশংসভাৱে গুলীয়াই হত্যা কৰিছিল।