ভদ্ৰ আচৰণৰ বাবে বিশ্ববাসীৰ পৰা সন্মান পাইছে মহেন্দ্ৰ সিং ধোনীয়ে : ভি ভি এছ লক্ষ্মণ

মহেন্দ্ৰ সিং ধোনীৰ ভদ্ৰ আচৰণৰ বাবে বিশ্ববাসীৰ পৰা তেওঁ সন্মান লাভ কৰিছে বুলি মন্তব্য কৰকিছে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ভি ভি এছ লক্ষ্মণে।

লক্ষ্মণে শেহতীয়াকৈ ষ্টাৰ স্প’ৰ্টছৰ ক্ৰিকেট কানেক্টেড নামৰ এটা অনুষ্ঠানত কয়, ‍‘ক্ৰিকেটৰ জৰিয়তে লাভ কৰা উপলব্ধিৰ বাবে মৰম পায় যদিও আপোনাৰ ব্যৱহাৰৰ পৰাহে সন্মান পায়’।

তেওঁ লগতে কয়, ‍‘ভাৰতীয় দলৰ হৈ অধিনায়কৰ দায়িত্ব পালন কৰাটো যথেষ্ট কঠিন কাম কিয়নো সকলোৱে বহুত আশা প্ৰকাশ কৰে’।

‍‘ভাৰতৰ ক্ৰিকেট দলটোৱে ভাল প্ৰদৰ্শন কৰাটো বিশ্বৰ সকলো প্ৰান্তৰে ভাৰতীয় লোকে মনে প্ৰাণে বিচাৰে, সেয়ে অধিনায়কৰ ওপৰত যথেষ্ট দায়িত্ব থাকে’, লক্ষ্মণে এইদৰে কয়।

তেওঁ লগতে কয় যে ধোনীয়ে ক্ৰিকেট প্ৰেমীৰ লগতে ভাৰতৰ সকলো স্তৰৰে লোকক উৎসাহ যোগাইছিল।

‍‘যদিহে আপুনি ছ’চিয়েল মিডিয়াৰ প’ষ্টবোৰ লক্ষ্য কৰে তেন্তে আপুনি দেখিব যে প্ৰাক্তন খেলুৱৈ, ক্ৰিকেট প্ৰশংসকৰ লগতে অভিনেতা-অভিনেত্ৰী, ৰাজনৈতিক নেতাৰ লগতে বিখ্যাত উদ্যোগপতি সকলেও ধোনীক শুভেচ্ছা জনাইছে’, এইদৰে কয় প্ৰাক্তন ক্ৰিকেটাৰ ভি ভি এছ লক্ষ্মণে।

উল্লেখ্য যে দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনা ভাৰতৰ আটাইতকৈ সফল অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা কৰিছিল।