ধুবুৰীৰ ভাৰত-বাংলা সীমান্তত জিলা প্ৰশাসনৰ কেতবোৰ গুৰুত্বপূৰ্ণ নিষেধাজ্ঞা

Indo-Bangla Border

প্ৰতিনিধিত্বমূলক চিত্ৰ

ভাৰত-বাংলা সীমান্তৰে উগ্ৰপন্থীকে ধৰি অনুপ্ৰৱেশ আৰু গৰুৰ চোৰাং ব্যৱসায় ৰোধ কৰাৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী জিলা প্ৰশাসনে কেতবোৰ গুৰুত্বপূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে। ফৌজদাৰী আইনৰ ১৪৪ ধাৰাৰ অধীনত জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ ৫০০ মিটাৰ ব্যাসাৰ্ধত থকা গাঁৱলীয়া আৰু পকীপথত নিশা আঠ বজাৰ পৰা পিছদিনা পুৱা পাঁচ বজালৈ জনসাধাৰণৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে।

অকল চলা-ফুৰাতে নহয় জিলা প্ৰশাসনে অঞ্চলটোৰ ব্যৱসায়িক প্ৰতিষ্ঠান তথা হাট-বজাৰ আদিতো নিষেধাজ্ঞা জাৰি কৰিছে। জিলা প্ৰশাসনে জানিব দিয়া অনুসৰি নিশা সাত বজাৰ পৰা পিছদিনা পুৱা পাঁচ বজালৈ উক্ত অঞ্চলৰ ব্যৱসায়িক প্ৰতিষ্ঠান, হাট-বজাৰ আদি বন্ধ ৰাখিব লাগিব। ইয়াৰ উপৰি এই সময়ছোৱাত সীমান্তৰ ৩০০ মিটাৰ ভিতৰৰ এলেকাত গৰু চৰোৱাৰ লগতে অন্য কাৰ্যকলাপতো বাধা আৰোপ কৰা হৈছে।

উল্লেখ্য যে জিলা প্ৰশাসনে ৬ মাৰ্চ বুধবাৰৰ পৰা বলবৎ কৰা এই নিষেধাজ্ঞাৰ আওতাত কৰ্তব্যৰত দণ্ডাধীশ, নিৰাপত্তাৰক্ষী, বন বিভাগ আৰু শুল্ক বিভাগৰ কৰ্তব্যৰত কৰ্মচাৰী সকল নপৰে বুলি জানিবলৈ দিয়ে।

নিষেধাজ্ঞা সন্দৰ্ভত জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিব বিচৰাত কয় যে ভাৰত-বাংলা সীমান্তৰে নিশা হ’লে বিভিন্ন অসামাজিক কাৰ্যকলাপ সংঘটিত হয়, সেয়ে এনে ধৰণৰ কাৰ্যকলাপৰ গতি বিধি ৰোধ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ইয়াৰ উপৰি চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা কৰ ফাঁকিৰে ভিতৰুৱা পথেৰে অহা সামগ্ৰীৰ লগতে সমাজবিৰোধী শক্তিৰ প্ৰৱেশত বাধা দিবৰ বাবে জিলাখনৰ অসম-পশ্চিম বংগ সীমান্তৰ ৫০০ মিটাৰ ব্যাসাৰ্ধত সন্ধিয়া সাত বজাৰ পৰা নিশাৰ ভাগত সাধাৰণ ৰাইজৰ চলাচলৰ ওপৰতো নিষেধাজ্ঞা অব্যাহত থাকিব।