NORTHEAST NOW (Assamese)

ধুবুৰীত আৰক্ষীৰ অভিযানত ব্ৰাউন চুগাৰ সহ চাৰিজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

June 30, 2020 10:08 pm · মুকেশ কুমাৰ সিং
Updated: June 30, 2020 10:11 pm

ধুবুৰী আৰক্ষীয়ে সোমবাৰে সন্ধিয়া চাৰিগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক ৩৬০ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰৰ সৈতে গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰী কেইজন হৈছে ক্ৰমে চটোগোমা গাঁৱৰ স্বৰ্গীয় কাদম আলীৰ পুত্ৰ আনোৱাৰ আলী(৩২), আমজাদ আলীৰ পুত্ৰ ছফিকুল হ’ক(২৯), চাকৰুদ্দিন হ’কৰ পুত্ৰ ইনামুল হ’ক(২১) আৰু মহম্মদ আলীৰ পুত্ৰ মতলেব হ’ক(১৮)।

ধুবুৰীৰ ডি এছ পি ত্ৰিণয়ন ভূঞাৰ নেতৃত্বত ১৭ নং(নতুন)ৰাষ্ট্ৰীয় ঘাইপথত চলা অভিযানৰ সময়তে ড্ৰাগছ সৰবৰাহকাৰী চাৰিজন ড্ৰাগছসহ গ্ৰেপ্তাৰ হয়।

ব্ৰাউন চুগাৰৰ উপৰিও আৰক্ষীৰ দলটোৱে ২৭৩ টা ডব্লিউ ওৱাই(আৰ-৭) টেবলেট আৰু নগদ ২,৫১,৫০০ টকা গ্ৰেপ্তাৰ কৰা অপৰাধী কেইজনৰ হাতৰ পৰা উদ্ধাৰ কৰে।

আনহাতে, ড্ৰাগছ সৰবৰাহকাৰী কেইজনে ব্যৱহাৰ কৰা এ এছ -০১ বি ডব্লিউ ২৩৭১ নম্বৰৰ মাৰুতি চুজুকী চেলেৰিঅ’ গাড়ীখনো আৰক্ষীয়ে জব্দ কৰিছে।

Related News