ধুবুৰীত আৰক্ষীৰ তৎপৰতাত বাল্য বিবাহৰ চেষ্টা বিফল

Child-marriage-648x375

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অধীনৰ জালেৰাগা গাঁৱত ধুবুৰী আৰক্ষীয়ে এগৰাকী কিশোৰীক বাল্য বিবাহত বহাৰ বাবে বাধ্য কৰোৱাৰ ঘটনা ব্যৰ্থ কৰে।

নিশা ধুবুৰী আৰক্ষী থানাৰ আৰক্ষী উপঅধীক্ষক ত্ৰিণয়ন ভূঞাৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে ঘটনাস্থলীত সময়মতে উপস্থিত হোৱা বাবে জলেৰগা গাঁৱত ১৬ বছৰীয়া ছোৱালীজনীক বাল্য বিবাহ হোৱাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ত্ৰিণয়ন ভূঞাই নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত হাফিজুৰ আলী নামৰ এগৰাকী লোকে তেওঁৰ কিশোৰী কন্যাগৰাকীৰ মুন্না শ্বেখ নামৰ এজন ১৮ বছৰীয়া যুৱকৰ লগত বিবাহৰ বাবে প্ৰস্তুতি চলাই আছিল আৰু আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলাই ঘটনাস্থলীৰ পৰা তিনিগৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে।

ভূঞাই দৰা মুন্না শ্বেইখকে ধৰি তিনিগৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছে যদিও ঘটনাস্থলীৰ পৰা কইনা আৰু তেওঁৰ পৰিয়ালৰ লোকসকল পলাই সাৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে। আটক হোৱা আন দুজন লোক ক্ৰমে ৰেউজুল ইছলাম আৰু ৰূপচান্দ আলী বুলি চিনাক্ত কৰা হৈছে।

বৃহস্পতিবাৰে কইনা আৰু দেউতাকে গৌৰীপুৰ আৰক্ষী থানাত উপস্থিত হয় আৰু পৰৱৰ্তী সময়ত কিশোৰী কইনাগৰাকীক জিলা শিশু কল্যাণ কমিতিৰ হাতত সিদ্ধান্ত গ্ৰহণৰ বাবে হস্তান্তৰ কৰা হয়।

আনহাতে, শুকুৰবাৰে দৰা আৰু কইনা দুয়োগৰাকীৰে পৰিয়ালৰ লোকে ধুবুৰী জিলা শিশু কল্যাণ কমিতিৰ ওচৰত কইনাৰ বয়স ১৮ বছৰ হোৱালৈকে বিবাহৰ বাবে অপেক্ষা কৰিব বুলি লিখিতভাৱে প্ৰতিশ্ৰুতি দিয়ে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে।

ত্ৰিণয়ন ভূঞাই আৰক্ষীয়ে এইক্ষেত্ৰত দৰা আৰু কইনা পক্ষই ছোৱালীৰ বয়স ১৮ বছৰ নোহোৱা পৰ্যন্ত বিবাহ অনুষ্ঠিত নকৰে বুলি মানি লোৱা বাবে কোনোধৰণৰ গোচৰ পঞ্জীয়ণ কৰা নাই বুলি উল্লেখ কৰে।

ধুবুৰী জিলাত বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ মাজত বাল্য বিবাহ অধিক প্ৰচলন হৈ থকা পৰিলক্ষিত হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ২০১৮ চনৰ জুলাইৰ পৰা বৰ্তমানলৈ ১৪ টা বাল্য বিবাহজনিত গোচৰ পঞ্জীয়ণ কৰা হৈছে।