ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত ধুবুৰীৰ নাজিয়া হাছান

Nazia Hassan

ফটো : নৰ্থ-ইষ্ট নাও

অহা ডিচেম্বৰ মাহত ভূৱনেশ্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হৈছে নামনি অসমৰ ধুবুৰী জিলাৰ আদাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টমমান শ্ৰেণীৰ ছাত্ৰী নাজিয়া হাছান ।

উল্লেখ্য যে যোৱা ২৩ৰ পৰা ২৬ অক্টোবৰলৈ মাজুলীত অনুষ্ঠিত হোৱা ২৬ সংখ্যক ৰাজ্যিক পৰ্যায়ৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত ৰাজ্যৰ ৩২ খন জিলাৰ ২৩৩ গৰাকী শিশু বিজ্ঞানীয়ে নিজৰ প্ৰকল্প সমূহ প্ৰদৰ্শন কৰিছিল। ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা প্ৰকল্পৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ মুঠ ২৬ টা প্ৰকল্প বাছি উলিওৱা হৈছিল। আৰু এই ২৬টা প্ৰকল্পৰ ভিতৰত ধুবুৰীৰ নাজিয়াৰ প্ৰকল্পটো নিৰ্বাচিত কৰাত বিদ্যালয়খনত এক আনন্দমুখৰ পৰিৱেশ সৃষ্টি হৈছে।

ৰাজ্যিক পৰ্যায়ৰ ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত নাজিয়া হাছান এ ‘আদাবাৰী অঞ্চলত হোৱা দাঁতৰ বিভিন্ন সমস্যা’ শীৰ্ষক এক প্ৰকল্প প্ৰদৰ্শন কৰিছিল। এই প্ৰকল্পটোৰ বাবেই ধুবুৰীৰ নাজিয়াক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত কৰিছে।

‘আমাৰ এই অঞ্চলত পানীৰ বাবে অঞ্চলবাসীয়ে দাঁতৰ বিভিন্ন সমস্যাত ভোগা পৰিলক্ষিত হয়। সেয়ে আমি এই বিষয়টো অধ্যয়নৰ বাবে বাচি লৈ ইয়াৰ স্থানীয় ৰাইজে ব্যৱহাৰ কৰা খোৱা পানীৰ নমুনা সমূহ সংগ্ৰহ কৰি ভালদৰে পৰীক্ষাৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ প্ৰেৰণ কৰিছিলো’। এইদৰে নাজিয়া হাছানে কয়।

আনহাতে বিদ্যালয়খনৰ টেট বিজ্ঞানৰ শিক্ষয়িত্ৰী তাছমিন বেগমৰ তত্বাৱধানত প্ৰস্তুত কৰা প্ৰকল্পটো ৰাষ্ট্ৰীয় সমাৰোহলৈ নিৰ্বাচিত হোৱাৰ বাবে আনন্দ প্ৰকাশ কৰি নৰ্থ-ইষ্ট নাওৰ আগত শিক্ষয়িত্ৰীগৰাকীয়ে কয় যে প্ৰকল্পটো অধ্যয়নৰ বাবে প্ৰথমে আমি ৭০গৰাকী মানুহক লৈছিলো কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত প্ৰকল্পটো জমা দিয়াৰ সময় চমু চাপি অহা বাবে পাছত দন্ত চিকিৎসকৰ পৰামৰ্শমতে ১০গৰাকী মানুহৰ ওপৰতে অধ্যয়নটো সম্পূৰ্ণ কৰিছিলো।