SI-ৰ প্ৰশ্নকাকত ফাদিল : দিবন ডেকাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

diban

সোমবাৰে আৰক্ষী উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰিৰ অন্যতম নায়ক দিবন ডেকাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

চি আই ডিৰ জিম্মাত থকা দিবন ডেকাক সোমবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল আৰু চি আই ডিয়ে পুনৰ জিম্মাত নিবিচৰাত আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, চি আই ডিৰ দলে সোমবাৰে দিবন ডেকা আৰু এই কেলেংকাৰিটোৰ মূল অভিযুক্ত পি কে দত্তক পুনৰ মুখামুখিকৈ বহুৱাই জেৰা চলায়।

এই জেৰাৰ পিছতে ডেকাক বিয়লিভাগত আদালতত হাজিৰ কৰোৱা হয়।

ইফালে এই কেলেংকাৰিৰ সৈতে জৰিত থকাৰ অভিযোগত বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা তিনিজন অভিযুক্ত ক্ৰমে ৰূপম দাস, তাৰিণীকান্ত বণিক্য, প্ৰদীপ মজুমদাৰ আৰু কাহিলীপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা মনজিৎ বৰাক আদালতে পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত কেলেংকাৰিৰ অন্যতম অভিযুক্ত বিজেপি নেতা দিবন ডেকাক ৩০ ছেপ্তেম্বৰৰ নিশা আত্মসমৰ্পন কৰিবলৈ অহাৰ সময়তে পাটাছাৰকুছিৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।