শূন্যলৈ গুলী : বন্ধ সমৰ্থকে ভাঙিলে ডিব্ৰুগড় বিজেপি কাৰ্যালয়, আৰক্ষীলৈ শিলগুটি নিক্ষেপ

ডিব্রুগড়

ডিব্ৰুগড়ৰ ৰাজপথত প্ৰতিবাদকাৰী। ফটো : নৰ্থইষ্ট নাও

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়ত বিজেপিৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিলে প্ৰতিবাদকাৰীয়ে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দলে দলে ৰাজপথলৈ ওলাই আহিল প্ৰতিবাদকাৰী ৰাইজ। চহৰখনৰ আমোলাপট্টি আৰক্ষী চকাৰ পৰা মাত্ৰ এশ মিটাৰ দূৰত্বত অৱস্থিত বিজেপিৰ কাৰ্যালয়টো প্ৰতিবাদকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰে।

প্ৰতিবাদকাৰীসকলে আৰক্ষী বাহিনীলৈও শিলাবৰ্ষণ কৰে। বন্ধ সমৰ্থকৰ শিলাবৰ্ষণৰ ফলত ডিব্ৰুগড় সদৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ সামান্যভাৱে আহত হয়। ডিব্ৰুগড় বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠীচালনা কৰে।

একাংশ প্রতিবাদকাৰীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপত চিআৰপিএফৰ বাহন অৱৰোধ কৰে। আৰক্ষীয়ে অঞ্চলটোৰ পৰা প্ৰতিবাদকাৰীসকলক অঁতৰাই পঠিয়াবলৈ শূন্যলৈ গুলীওৱাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰে।

ইপিনে, আৰক্ষীয়ে ডিব্ৰুগড়ৰ বিভিন্ন স্থানৰ পৰা বৰ্তমানলৈকে ২০ জন প্ৰতিবাদকাৰীক আটক কৰিছে। প্ৰতিবাদৰ সময়ত দুজন আৰক্ষী আহত হয়।

সংবাদ মাধ্যমৰ আগত অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে কয় যে আৰক্ষী বাহিনীলৈ কৰা শিলাবৰ্ষণত তেওঁ আঘাত পাইছে। তেওঁ জানিবলৈ দিয়ে যে বিজেপিৰ কাৰ্যালয় ভঙা তথা আৰক্ষীলৈ শিলাবৰ্ষণ কৰা বন্ধ সমৰ্থকসকলক তেওঁলোকে চিনাক্ত কৰিছে।

আনহাতে, চাবুৱাত বন্ধ সমৰ্থকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ লগতে বাছৰ খিৰিকিৰ আইনা ভাগে।

তদুপৰি, জিলাখনৰ বিভিন্ন স্থানত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰা বন্ধ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ লগতে সৰুসুৰা হিংসাত্মক ঘটনাও সংঘটিত কৰাৰো বাতৰি পোৱা গৈছে।