চাকৰি দিয়াৰ নামত ধন লৈ পলাতক চিকিৎসকৰ স্বামীক আটক ডিব্রুগড় আৰক্ষীৰ

Screenshot_20201206-203812_2

অভিযুক্ত চিকিৎসক ড০ অজন্তা হাজৰিকা। ফাইল ফটো।

পলাতক হৈ থকা অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ড০ অজন্তা হাজৰিকাৰ স্বামী সীমান্ত জ্যোতি শউকীয়াক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে।

বৰ্তমান তেওঁৰ পত্নীক ক’ত আছে সেইকথা জানিবলৈকে জেৰা কৰাৰ বাবে তেওঁক আটক কৰা হৈছে।

ড০ অজন্তা হাজৰিকা উত্তৰ-পূব সীমান্ত ৰে’লৱেত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰাৰ্থীৰ পৰা লক্ষাধিক টকা সংগ্ৰহ কৰাৰ অভিযোগত অভিযুক্ত।

আৰক্ষীয়ে ড০ অজন্তা হাজৰিকাক ডিব্ৰুগড়ৰ নালিয়াপুলৰ বাসভৱনত তালাচী চলাইছিল যদিও তেওঁক বিচাৰি নাপালে।

ডিব্ৰুগড় থানাৰ গোচৰ নং-২১৫০/২০ৰ সম্পৰ্কত ডিব্ৰুগড় আৰক্ষীয়ে দ্বিতীয়বাৰৰ বাবে তেওঁক বিচাৰি তালাচী চলায়।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে পত্নী ক’ত আছে বুলি আৰক্ষীয়ে সোধা প্ৰশ্নৰ উত্তৰত স্বামী সীমান্ত জ্যোতি শইকীয়াই তেওঁ ক’ত আছে একো নাজানে বুলি জনায়।

‘’আমি ড০ হাজৰিকাৰ স্বামীক জেৰাৰ বাবে আনিছো,’’-ডিব্ৰুগড় আৰক্ষী থানাৰ উপ পৰিদৰ্শক মনোৰঞ্জন শইকীয়াই কয়।

ধনৰ বিনিময়ত চাকৰি কেলেংকাৰিৰ ঘটনাৰ বলি দুগৰাকী ব্যক্তি কিশোৰ দেব আৰু অজয় দত্ত বিশ্বাসৰ ভাষ্য বুধবাৰে ডিব্ৰুগড় মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত লিপিবদ্ধ কৰা হয়।

ড০ অজন্তা হাজৰিকাৰ ড্ৰাইভাৰ ভোলা তিৱাৰীৰো ভাষ্য বুধবাৰে আদালতত লিপিবদ্ধ কৰা হয়।

অভিযোগ মতে চিকিৎসকগৰাকীয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দি এগৰাকী অমল নাথ আৰু আন দুগৰাকীৰ পৰা ধন লৈছিল।

গোচৰটোৰ অভিযোগকাৰী অমল নাথে যোৱা ৭ডিচেম্বৰত ডিব্ৰুগড়ৰ গাভৰুপথাৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল। তাত উল্লেখ কৰিছিল যে চিকিৎসকগৰাকীয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি তিনিগৰাকী চাকৰি প্ৰাৰ্থীৰ পৰা প্ৰায় ২২লাখ টকা সৰকাইছিল।

অমল নাথে অভিযোগ কৰে যে তেওঁ ড০ হাজৰিকাই বিচৰা ধনৰ আধা অংশ গুৱাহাটীৰ ছয়মাইলৰ ৰাজীৱ পৰাশৰৰ একাউন্টত ট্ৰেন্সফাৰ কৰিছিল।

বিভিন্ন চৰকাৰী চাকৰি দিয়াৰ নামত প্ৰাৰ্থীৰ পৰা ধন সৰকোৱাত জড়িত থকাৰ অভিযোগত আন এক গোচৰত যোৱা অক্টোবৰত ৰাজীৱ পৰাশৰক গুৱাহাটীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰিছিল।