NORTHEAST NOW (Assamese)

এ পি এছ চি কেলেংকাৰিত অভিযুক্ত ৬ জনৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষীৰ শপতনামা দাখিল

January 3, 2019 8:32 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

এ পি এছ চি কেলেংকাৰি সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে বুধবাৰে অৰ্থাৎ ২ জানুৱাৰিত বিশেষ আদালতত এখন পৰিপূৰক শপতনামা দাখিল কৰে। উক্ত কেলেংকাৰিত অভিযুক্ত ৬ জন ক্ৰমে অভিষিকা বৰুৱা, সঞ্জন ফুকন, দেবব্ৰত দে’, ৰাকেশ গুপ্তা, ড০ মৃগেন শইকীয়া আৰু মফিদুল ইছলামৰ বিৰুদ্ধে আজি এই পৰিপূৰক শপতনামা দাখিল কৰে ডিব্ৰুগড় আৰক্ষীয়ে।

শপতনামা দাখিল কৰা ৬ জনৰ ভিতৰত ৰাকেশ গুপ্তা বৰ্তমান পলাতক অৱস্থাত আছে। পলাতক অৱস্থাত আছে যদিও ডিব্ৰুগড় আৰক্ষীয়ে গুপ্তাৰ বিৰুদ্ধেও শপতনামা দাখিল কৰিছে। লগতে আৰক্ষীয়ে তেওঁক আটক কৰিবৰ বাবে অভিযান অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে ডিব্ৰুগড় আৰক্ষী থানাত ৰুজু হোৱা গোচৰ (৯৩৬/১৬)ৰ আধাৰত ডিব্ৰুগড় আৰক্ষীয়ে এ পি এছ চি কেলেংকাৰিৰ তদন্ত অব্যাহত ৰাখিছে।

Related News